চীনৰ হাতত বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল; ৩০ মিনিটতে আঘাত হানিব আমেৰিকাত

DF-41

বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী চীনৰ ডিএফ-৪১ মিছাইল।

চীনৰ গোপনে ৰখা শক্তিশেলৰ খবৰ পোহৰলৈ আহিছে। চীনৰ পিতৃ পুৰুষ মাও ছে তুঙৰ পৰা এতিয়া ছি জিন পিঙলৈকে সুদীৰ্ঘ পৰিক্ৰমা।

যোৱা ১ অক্টোবৰত চীনৰ জাতীয় দিৱসৰ লগতে কমিউনিষ্ট শাসনৰো ৭০ বছৰ সম্পূৰ্ণ হয়। তদুপলক্ষে দেশখনৰ ৰাজধানী বেইজিঙত জিন পিং চৰকাৰে আয়োজন কৰিছিল সামৰিক অনুশীলনৰ।

উক্ত অনুশীলনত প্ৰদৰ্শিত হয় বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল ডি এফ-৪১। ১৫ হাজাৰ কিলোমিটাৰ দীৰ্ঘভেদি লক্ষ্য আঘাত হানিবলৈ সক্ষম এই মিছাইলটোৱে মাত্ৰ ৩০ মিনিটৰ ভিতৰতে ঢুকি পাব আমেৰিকা।

উল্লেখ্য যে প্ৰতিবছৰে জাতীয় দিৱসত বেইজিঙৰ তিয়েনমেন স্কোৱেৰত এই সামৰিক অনুশীলনৰ আয়োজন কৰা হয়। অৱশ্যে, এইবাৰ আনবাৰতকৈ অধিক জাকজমকতাপূৰ্ণ আছিল এই অনুষ্ঠান।

অনুষ্ঠানত জিন পিং প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপৰি উপস্থিত আছিল বহুকেইগৰাকী জনপ্ৰতিনিধি তথা ৯৭খন দেশৰ সামৰিক বিষয়া।

সমবেত অতিথিসকলৰ সন্মুখত অনুশীলনত অংশ লয় বিশ্বৰ আটাইতকৈ বৃহৎ সেনা বাহিনী পি এল এ-এৰ ৫৯টা বিভাগৰ প্ৰায় ১৫ হাজাৰ সশস্ত্ৰ সেনাই। ১৬০খন যুদ্ধ বিমানৰ লগতে প্ৰদৰ্শিত হয় ৬০০ৰো অধিক অত্যাধুনিক সামৰিক সা-সৰঞ্জাম।

ইয়াৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল অদ্বিতীয় গতিৰ পৰমানু বোমা বহনকাৰী ডংফেং অথবা ডিএফ-৪১ মিছাইল।

বিমানবাহী যুদ্ধজাহাজ তথা শত্ৰুপক্ষৰ সামৰিক ঘাটি ধ্বংস কৰাৰ বাবে দীৰ্ঘভেদি তথা শক্তিশালী এনেকুৱা মিছাইল আৰু নাই। একলগে ১০টা পৰমানু বোমা কঢ়িয়াবলৈ সক্ষম এই মিছাইলটোৱে বিশ্বৰ যিকোনো স্থানতে আঘাত হানিব পাৰে।

যোৱা মঙলবাৰে এনে শক্তিশালী মিছাইলৰ অধিকাৰী দেশখনৰ ৰাষ্ট্ৰপতি জিন পিঙে গৰ্বেৰে বিশ্বৰ দেশসমূহক এক প্ৰকাৰ সাৱধান বাণী শুনায়। তিয়ানমেন স্কোৱাৰত থিয় হৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,‘’চীনৰ ভেটি লৰাব পৰা এনে কোনো শক্তি নাই। চীনৰ জনসাধাৰণৰ বিকাশ ৰুদ্ধ কৰিব পৰা এনে কোনো শক্তি নাই।‘’