China Torture on Uighurs চীনৰ চোৰাং বজাৰত ব্যাপক হাৰত বিক্ৰী হৈছে উইঘুৰ মুছলমানৰ কিডনি, লিভাৰ!

WhatsApp Image 2021-10-31 at 2.10.30 PM

প্রতিনিধিত্বমূলক ফটো।

China Torture on Uighurs চীনত সংখ্যালঘু উইঘুৰ সম্প্ৰদায়ৰ ওপৰত নিৰ্মম নিৰ্যাতনৰ ঘটনাই ইতিমধ্যে বিশ্বক খলকনি তুলিছে। শিক্ষাৰ নামত ডিটেনশ্যন কেম্পত নি দিনৰ পাছত দিন নিৰ্যাতন চলাইছে চীনৰ প্ৰশাসনে।

কিন্তু সেয়াই নহয়, এইবাৰ এক ভয়ংকৰ অভিযোগ উঠিছে। চীনে উইঘুৰ মুছলমানসকলৰ দেহৰ পৰা লিভাৰ, কিডনিৰ দৰে অংগ উলিয়াই বিক্ৰী কৰিছে।

বাতৰি অনুসৰি উইঘুৰসকলৰ লিভাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১ কোটি টকাত বিক্ৰী হৈছে। সেইদৰে, তাতকৈ অলপ কম দামত বিক্ৰী হৈছে কিডনি।

অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমে দাবী কৰা মতে চীনৰ চোৰাং বজাৰত বিক্ৰী হৈ থকা এই চোৰাং অংগ-প্ৰত্যংগৰ বেছিভাগেই দেশখনৰ উইঘুৰ মুছলমানসকলৰ দেহৰ পৰা উলিয়াই অনা।

Also Read: নৃশংস তালিবান: বিয়াঘৰত গান বজোৱাৰ বাবেই ১৩ জনক গুলীয়াই হত্যা

অৱশ্যে, চীনৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ পূৰ্বেও উঠিছিল। ‘চাইনা ট্ৰিবিউনেল’য়ে সদৰী কৰা অভিযোগ মতে চৰকাৰৰ সহযোগতেই বলপূৰ্বক উইঘুৰ মুছলমান তথা আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ হাৰ্ট, কিডনি, লিভাৰ সংৰাপোনৰ বাবে কাঢ়ি লোৱা হৈছে।

আনহাতে, চীনে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। গৱেষণাৰ বাবে মৃত্যুদণ্ডপ্ৰাপ্ত দোষীৰ অংগ কঢ়া ২০১৫ চনতেই বন্ধ কৰা বুলি বেইজিঙে স্পষ্ট কৰি দিছে।  

চীনৰ বিভিন্ন বন্দী শিৱিৰত প্ৰায় ২০ লাখ উইঘুৰ মুছলমানক বন্দী কৰা হৈছে। জিনপিং প্ৰশাসনে দীৰ্ঘদিনে তেওঁলোকৰ মানৱাধিকাৰ ভংগ কৰাৰ অভিযোগ উঠিছে। শিৱিৰত মহিলাসকলক ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে।

Also Read: RSS Plans For Expansion: ২০২৫ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, কাশ্মীৰত নিজৰ ভেটি মজবুত কৰাৰ পৰিকল্পনা আৰ এছ এছৰ

ইতিমধ্যে ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে আমেৰিকাকে ধৰি বিশ্বৰ ৪৩খন দেশে সৰৱ হৈ পৰিছে। বিশেষকৈ ছিনজিয়াং প্ৰদেশত মুছলমান উইঘুৰসকলৰ ওপৰত নিৰ্যাতন বিষয় উত্থাপন কৰিছে ।

তাৰমাজতে পুনৰ চীনৰ বিৰুদ্ধে উইঘুৰসকলৰ দেহৰ পৰা অংগ কাঢ়ি চোৰাং বজাৰত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।