• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাধাৰণ শিক্ষকৰ পৰা প্ৰযুক্তি কোম্পানী আলিবাবাৰ মুৰব্বী পদত: জেক মাক কিয় ভয় কৰিছে চীনে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 8:48 pm

2 min read

amazonaws
266
VIEWS
Share on FacebookShare on Twitter

এজন সাধাৰণ স্কুল শিক্ষকৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আলিবাবাৰ দৰে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পোনীৰ সহ-প্ৰতিষ্ঠাপক হৈ পৰা এজন লোকৰ প্ৰতি এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছে চীনৰ চৰকাৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা আলিবাবা কোম্পানীৰ মুৰব্বী জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে এতিয়া সক্ৰিয় হৈ পৰিছে।

চীনৰ শত্ৰুতাৰ কথা কোৱাৰ আগতে জেক মাৰ বিষয়ে কিছু কথা উল্লেখ কৰাটো প্ৰয়োজনীয় হ’ব।

নিজৰ কৰ্ম দক্ষতাৰে প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা আলিবাবাৰ মুৰব্বী জেক মা এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি।

কেৱল ব্যৱসায়ৰ মাজতে তেওঁ নিজকে আৱদ্ধ কৰি ৰখা নাই।

ব্যৱসায়ৰ লগতে তেওঁ গীত, অভিনয়,চিত্ৰকলা আদি সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।চীনৰ প্ৰসিদ্ধ শিল্পী ফায়ে ৱঙৰ সৈতে জেক মাই গোৱা গীতে বিশ্বত খলকনি তুলিছিল।

জেক মাই চীনৰ প্ৰসিদ্ধ চিত্ৰকৰ জেং ফেনজিৰ সৈতে একেলগে অঁকা ছবি ছুথবি নিলাম অনুষ্ঠানত অভিলেখ সৃষ্টিকাৰী ৫.৪ নিযুত মাৰ্কিন ডলাৰত নিলাম হৈছিল।

২০১৭ চনত তেওঁ ড্ৰেগনৰ দেশ খনৰ চলচ্চিত্ৰ জগত খনতো খোজ পেলাই ব্যাপক জনপ্ৰিয়াতা অৰ্জন কৰিছিল।

এই হেন বহু গুণৰ অধিকাৰী জেক মা সেয়ে চীনৰ সাধাৰণ লোকৰ লগতে চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজতো হৈ পৰিছিল অতিকৈ জনপ্ৰিয়।

কিন্তু শেহতীয়াকৈ জেক মাৰ সৈতে পূৰ্বৰ সকলো মধুৰ সম্পৰ্ক একাষৰীয়া কৰি থৈ চীনৰ চৰকাৰে ঘোষণা কৰিছে বিশেষ তদন্তৰ।

আগ্ৰাসনবাদী চীনৰ চৰকাৰে জেক মাই আলিবাবাৰ জৰিয়তে প্ৰযুক্তিৰ ক্ষেত্ৰখনত অৰ্জন কৰা বৃহৎ সফলতা সহ্য কৰিব নোৱাৰিয়েই হয়তো তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছে বিত্তীয় খেলি-মেলি আৰু একচেতিয়া ব্যৱসায় চলোৱাৰ অভিযোগ।

চীনৰ ষ্টেট এডমিনিষ্ট্ৰেছন ফৰ মাৰ্কেট ৰেগুলেছনে জেক মাৰ বিৰুদ্ধে নীতিবৰ্হিভূতভাবে বিভিন্ন বিনিয়োগকাৰীৰ সৈতে ব্যৱসায়িক চুক্তি সম্পাদন আৰু সেই বোৰ কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

একচেতিয়া ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰি আলিবাবা আৰু জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে তদন্ত ঘোষণা কৰাৰ পিছতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য লক্ষ্যণীয় ভাবে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

কেৱল হংকঙতে কোম্পানীটোৰ শ্বেয়াৰ ৯ শতাংশ অৱনমিত হৈছে।

এসময়ত চীনৰ চৰকাৰৰ হিয়াৰ  আমঠু জেক মাৰ বিৰুদ্ধে হঠাতে চৰকাৰখন কিয় ইমান আক্ৰোশী হৈ পৰিছে?

এই প্ৰশ্নই এতিয়া বহুতকে ভবাই তুলিছে।

এই আক্ৰোশৰ আঁৰত আন এক কাৰণো থাকিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

সেয়া হৈছে জেক মাৰ মাৰ্কিন কানেকছন। ২০১৬ চনত ডোনাল্ড ট্ৰাম্প যেতিয়া মাৰ্কিন  ৰাষ্ট্ৰপতি হৈছিল তেতিয়া জেক মাই ট্ৰাম্পক আমেৰিকালৈ গৈ সাক্ষাৎ কৰিছিল।

তাৰ পিছতো জেক মাৰ সৈতে আমেৰিকাৰ সম্পৰ্ক অটুট আছিল।

জেক মাৰ এনে মাৰ্কিন প্ৰীতিৰ বাবেও তেওঁ চীনৰ চৰকাৰৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰা বুলি বহুতে কোৱা-কুই কৰিবলৈ লৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd