চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

জানিব পৰা মতে চীনৰ এই গহ্বৰে কমেও ১০টা মহাদেশীয় স্তৰ ভেদ কৰিব। বিশেষজ্ঞসকলৰ মতে এই গাঁতটো য’ত শেষ হ’ব তাত প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিলাখণ্ড পোৱা যাব।

এইবাৰ চৰ্চালৈ আহিছে চীন দেশৰ এটা চাঞ্চল্যকৰ খবৰ। খবৰ অনুসৰি চীনৰ উত্তৰ-পশ্চিমৰ এক বৃহৎ অংশ সামৰি লোৱা জিনজিয়াং প্ৰদেশত ছিপিঙৰ দেশখনে ৩২ হাজাৰ ফুট উচ্চতাৰ এটা গাঁত খান্দিছে চীনৰ চৰকাৰে।

ইতিমধ্যে এই কথাই সকলোকে আচৰিত কৰি তুলিছে। জানিব পৰা মতে চীনৰ এই অঞ্চলটোত যথেষ্ট পৰিমাণৰ খনিজ সম্পদ থকা বুলি বিজ্ঞানীসকলে দাবী কৰিছে। খনিজ সম্পদ আহৰণৰ উদ্দেশ্যেই এই গভীৰ গাঁতটো খন্দা হৈছে বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে। 

লগতে পঢ়কঃ যুদ্ধ কৰিবলৈ অস্বীকাৰ : সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে

ইফালে চীনৰ সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি জিনজিয়াঙত যি গাঁত খান্দিছে সেয়া ১০ হাজাৰ মিটাৰ (৩২,৮০৮ ফুট) দ হ’ব। আপুনি জানি আচৰিত হ’ব যে এই গাঁতটো খন্দা সম্পূৰ্ণ হ’লে এভাৰেষ্টৰ উচ্চতাতকৈ (৮,৮৪৮ মিটাৰ)ও এই গাঁতটো গভীৰ হ’ব।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে পুনৰবাৰ এই কামক পৃথিৱী গভীৰতাৰ অন্বেষণ অভিযান বুলি কৰিছে। কেৱল সেয়াই নহয়, ২০২১ চনত তেওঁ বৈজ্ঞানিক সন্মিলনলৈ গৈ এই প্ৰকল্পৰ জৰিয়তে দেশখনক প্ৰগতিৰ দিশত আগুৱাই নিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছিল।

এই প্ৰসংগত চীনৰ বিশেষজ্ঞসকলে কয় যে এই কামে বহু ৰহস্যৰ উত্তৰ দিব পাৰে। ভূগৰ্ভস্থ ধাতু আৰু শক্তিৰ উৎসৰ বিষয়ে তথ্য আহৰণ কৰাৰ লগতে ইয়াৰ জৰিয়তে খনিজ সম্পদসমূহো চিনাক্ত কৰিব পৰা যাব। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই প্ৰকল্পৰ ভিত্তিত প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ নিশ্চিত কৰিব পৰাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে দাবী কৰিছে। 

লগতে পঢ়কঃ শিশুৰ নামকৰণ কৰাৰ আগতে জানি লওঁক মহাভাৰতৰ এইকেইটা আধুনিক আৰু অনন্য নাম

মন কৰিবলগীয়া যে এই চীনে খান্দি থকা এই গাঁতটো পৃথিৱীৰ আটাইতকৈ গভীৰ গাঁত নহয়। ইয়াৰ আগতেই ৰাছিয়াৰ “কোলা ছুপাৰডিপ ব’ৰহ’ল” নামেৰে এটা গভীৰ গাঁত খান্দিছিল। সেই গাঁতটোৰ গভীৰতা আছিল ৪০ হাজাৰ ২৩০ ফুট। যিটো খান্দিবলৈ ৰাছিয়াক প্ৰায় ২০ বছৰ সময় লাগিছিল। ১৯৮৯ চনত এই গাঁতটোৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু উন্নত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি চীনে হয়তো ৰাছিয়াৰ তুলনাত কম সময়তেই এই গাঁতটো খান্দি শেষ কৰিব পাৰে।

জানিব পৰা মতে চীনৰ এই গহ্বৰে কমেও ১০টা মহাদেশীয় স্তৰ ভেদ কৰিব। বিশেষজ্ঞসকলৰ মতে এই গাঁতটো য’ত শেষ হ’ব তাত প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিলাখণ্ড পোৱা যাব। এই শিলাখণ্ড বা তাত থকা ফচিল বা অন্যান্য পদাৰ্থসমূহ পৰীক্ষা কৰিলে পৃথিৱীৰ ভূগৰ্ভ আৰু অতীতকালৰ বিষয়ে বহুতো তথ্য পোৱা যাব বুলি অনুমান কৰা হৈছে।

লগতে পঢ়কঃ প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান