NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কাৰাগাৰত উদ্ধাৰ ‘মেড ইন চাইনা’  ড্ৰ’ন! নিৰাপত্তাত প্ৰশ্নচিহ্ন

January 9, 2025 4:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ভোপাল কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত উদ্ধাৰ মেড ইন চাইনা ড্ৰ। এই ড্ৰ’ন উদ্ধাৰৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্নচিহ্ন তুলিছে। চীনত নিৰ্মিত এই ড্ৰনখন কেমেৰা আৰু সম্পূৰ্ণ চাৰ্জ হোৱা বেটাৰীৰ সৈতে উদ্ধাৰ হৈছে। ড্ৰনখনৰ উদ্ধাৰ কৰাৰ ঘটনাই দেশৰ অন্যতম উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰৰ সুৰক্ষাত অতি গুৰুত্বপূৰ্ণ সুৰুঙা ধৰা পেলাইছে।

বুধবাৰে প্ৰায় বিয়লি ৩:৩০ বজাত হনুমান মন্দিৰৰ পিছফালে ড্ৰনখন উৰি আহি দুৰ্ঘটনাগ্ৰস্ত হয়। কৰ্তব্যৰত এজন গাৰ্ডে প্ৰথমে এই ড্ৰনখন লক্ষ্য কৰে। পৰীক্ষা কৰাত দেখা যায় যে ড্ৰনখনৰ ওজন প্ৰায় ৩০-৪০ গ্ৰাম আৰু তাত এটি কেমেৰা আছে।

কাৰাগাৰ অধীক্ষক ৰাকেশ কুমাৰ ভাংগাৰে জনাইছে যে, ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।৬৯ জন উগ্ৰপন্থীক কঠোৰ নিৰাপত্তাৰ মাজত ৰাখি থকা এই কাৰাগাৰত চীনত নিৰ্মিত ড্ৰন কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ, সেই সন্দৰ্ভত বিচাৰ-খোচাৰ চলি আছে

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, তদন্তৰ সহায়ত ড্ৰনখনৰ উৎস আৰু কৰ পৰা উৰুৱা হৈছিল সেয়া জানিবলৈ চেষ্টা চলিছে।

উল্লেখ্য যে, ১৫১ একৰ মাটিত বিস্তৃত ভোপাল কেন্দ্ৰীয় কাৰাগাৰত ৩৬০০ বন্দী আছে, যদিও ইয়াৰ সামৰ্থ্য ২৬০০ জনৰহে। ইয়াত ছিমি, আইছিছ, হিজবুত তাহৰিৰ, আৰু জামাত-উল-মুজাহিদ্দীন বাংলাদেশৰ সদস্যক ধৰি বিভিন্ন নিষিদ্ধ সংগঠনৰ উগ্ৰপন্থীক বন্দী কৰি ৰখা হৈছে।কাৰাগাৰৰ ওচৰত দুমহলীয়া এটা অট্টালিকা নিৰ্মাণৰ কাম চলি আছে। এই নিৰ্মাণকাৰ্যৰ সুযোগ লৈ ড্ৰন প্ৰৱেশৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে। জেল কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।চীনত নিৰ্মিত ড্ৰন উদ্ধাৰ আৰু তাৰ উপস্থিতিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু চীনৰ উদ্দেশ্যৰ ওপৰত পুনৰ সন্দেহ ব্যক্ত কৰিছে।

Related News