আমি প্ৰায়েই কামৰ মাজত বা অবসৰৰ সময়ত এপেকেট চিপছ, বিস্কুট বা বিভিন্ন ধৰণৰ প্ৰস্তুত কৰি থোৱা খাদ্য খাবলৈ ভাল পাওঁ। আমাৰ ধাৰণা হয় যে এই সামান্য পৰিমাণৰ খাদ্যই বিশেষ একো ক্ষতি নকৰে। কিন্তু শেহতীয়া গৱেষণাৰ তথ্য অনুসৰি এই সৰু অভ্যাসবোৰেই আমাৰ মগজুৰ ভিতৰৰ গঠন আৰু কাৰ্যক্ষমতা লাহে লাহে সলনি কৰি পেলাইছে। চিপছ, ইনষ্টাণ্ট নুডলছ, মিঠাই, প্ৰচেছড মাংস আৰু শীতল পানীয়ৰ দৰে অতিৰিক্তভাৱে প্ৰক্ৰিয়াজাত কৰা খাদ্যবোৰে মগজুৰ জটিল ৰোগ ডিমেনচিয়া বা স্মৃতিভ্ৰংশৰ আশংকা বহুত গুণ বৃদ্ধি কৰে। বিশেষজ্ঞসকলে মত দিছে যে এনে খাদ্যই কেৱল ভৱিষ্যতৰ বাবে বিপদ মাতি অনা নহয়, বৰঞ্চ ই বৰ্তমানৰ চিন্তা প্ৰক্ৰিয়া আৰু মনোযোগ দিয়াৰ ক্ষমতাও হ্ৰাস কৰিবলৈ আৰম্ভ কৰে।
আটাইতকৈ আচৰিত কথাটো হ’ল যে আমাৰ দৈনন্দিন খাদ্য তালিকাৰ মাত্ৰ ১০ শতাংশ যদি এনেকুৱা অস্বাস্থ্যকৰ খাদ্য হয়, তেন্তে মগজুৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। মাত্ৰ এপেকেট চিপছৰ সমান খাদ্যই এই বিপদৰ মাত্ৰা আৰম্ভ কৰিবলৈ যথেষ্ট। যিমানেই এই ধৰণৰ খাদ্যৰ পৰিমাণ বাঢ়িব, সিমানেই আমাৰ মগজুৰ কাম কৰাৰ শক্তি কমি আহিব আৰু স্মৃতিশক্তি লোপ পোৱাৰ দৰে সমস্যাই দেখা দিব। বহুতৰে ধাৰণা আছে যে কমকৈ খালে হয়তো একো নহয়, কিন্তু গৱেষণাৰ মতে ইয়াত কোনো নিৰাপদ পৰিসীমা নাই। এই খাদ্যবোৰত প্ৰচুৰ পৰিমাণে চেনি, ট্ৰেন্স ফেট আৰু কৃত্ৰিম ৰং বা গোন্ধ ব্যৱহাৰ কৰা হয় যদিও ইয়াত শৰীৰৰ বাবে দৰকাৰী ভিটামিন বা আঁহজাতীয় উপাদান নাথাকে। ইয়াৰ ফলত মগজুৰ কোষবোৰত প্ৰদাহ সৃষ্টি হয় যিয়ে আমাৰ স্নায়বিক তন্ত্ৰৰ ক্ষতি কৰে।
উদ্বেগৰ আন এক কাৰণ হৈছে যে যিসকলে নিয়মীয়াকৈ ফল-মূল বা শাক-পাচলি খায়, তেওঁলোকেও যদি সমান্তৰালভাৱে এই অস্বাস্থ্যকৰ খাদ্যবোৰ খাই থাকে, তেন্তে বিপদৰ পৰা হাত সাৰিব নোৱাৰে। অৰ্থাৎ কেৱল ভাল খাদ্য খালেই নহ’ব, বৰঞ্চ ক্ষতিকৰ খাদ্যবোৰ সম্পূৰ্ণৰূপে বৰ্জন কৰাটোও সমানেই দৰকাৰী। অতিমাত্ৰা প্ৰক্ৰিয়াজাত খাদ্য খালে মুহূৰ্তৰ ভিতৰতে মনোযোগ কমি যোৱা বা যিকোনো সিদ্ধান্ত লওঁতে পলম হোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে। প্ৰথম অৱস্থাত এইবোৰ ধৰিব পৰা নাযায় যদিও বছৰ বছৰ ধৰি চলা এই অভ্যাসে শেষত ডিমেনচিয়াৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। সেয়েহে সুৰক্ষিত থাকিবলৈ চিপছৰ সলনি ফল, বিস্কুটৰ সলনি বাদাম আৰু বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰত বনোৱা খাদ্যৰ অভ্যাস কৰাটো মগজুৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।





