অৱশেষত জীৱন যুঁজত হাৰ মানিলে CID-খ্যাত ফ্ৰেডীয়ে; প্ৰয়াত অভিনেতা দীনেশ ফডনীশ

টেলিভিছনৰ অন্যতম জনপ্ৰিয় মেগা ছিৰিয়েল চি আই ডি। দুদিনমানৰ পৰা ইটোৰ পিছত সিটো খবৰ আহি আছে। চিকিৎসালয়ত ভৰ্তি অন্যতম জনপ্ৰিয় মুখ দীনেশ ফডনীশ। কেৱল সেয়াই নহয়, হাৰ্ট এটেকৰ খবৰটোও আহিছে। ছিৰিয়েলখনৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয় এই অভিনেতাগৰাকী।

চিকিৎসা অব্যাহত থকাৰ সময়ত অনুৰাগীসকলে অপেক্ষা কৰি আছিল হয়তো অভিনেতাজন সুস্থ হৈ উঠিব। কিন্তু সেই আশা পূৰণ নহ’ল। মাত্ৰ ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। মঙলবাৰে মৃত্যু হয় সকলোৰে প্ৰিয় ফ্ৰেডীৰ।

দয়াৰ চৰিত্ৰত অভিনয় কৰা দীনেশৰ চি আই ডিৰ সহ অভিনেতা দয়ানন্দ শ্বেট্টীয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। দয়াই জনায়, “দীনেশে নিশা ১২.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰিছে”। শনিবাৰে মাজনিশা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকীক চিকিৎসাৰ বাবে মুম্বাইৰ টুংগা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

দয়ানন্দ শেট্টীয়ে লগতে শ্বেয়াৰ কৰিছে যে দীনেশৰ বহু অংগ বিকল হৈ পৰিছিল। ফলত শেষ ৰক্ষা কৰিব পৰা নগ’ল। তেওঁ কয়, ‘অভিনেতাগৰাকীৰ শৰীৰত বহু জটিলতা দেখা যায়। আৰু যোৱা নিশা তেওঁক ভেন্টিলেটৰৰ পৰাও উলিয়াই দিয়া হৈছিল।‘ মঙলবাৰে মুম্বাইত শেষকৃত্য সম্পন্ন কৰা হ’ব অভিনেতাগৰাকীৰ।

জানিব পৰা মতে, দেওবাৰে দীনেশৰ হাৰ্ট এটেক হৈছিল, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত দয়াইও কৈছিল যে তেওঁৰ হৃদৰোগ নাই, কিন্তু তেওঁৰ শৰীৰত আন কিবা সমস্যা আছে। দীনেশৰ লিভাৰ বহুখিনি ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ কৈছিল।

লগতে পঢ়কঃবাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

দীৰ্ঘদিন ধৰি জনপ্ৰিয় টিভি শ্ব’ চিআইডিত ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰি অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল দীনেশে। ১৯৯৮ চনত প্ৰথম প্ৰচাৰিত এই অনুষ্ঠানটো চোনী টিভিত বিশ বছৰ ধৰি চলিছিল। জনপ্ৰিয় অনুষ্ঠান তাৰক মেহতা কা উলতা চশমা আৰু ছুপাৰ-৩০ৰ লগতে তেওঁ সৰফৰজৰ দৰে ছবিতো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

মৃত্যুৰ সময়ত দীনেশ ফডনীশে পত্নী নয়না আৰু কন্যা তনুক এৰি থৈ গৈছে।