• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“নিবনুৱা” RTI কৰ্মী দুলাল বৰাৰ ঘৰৰ পৰা ৩৫ লাখ টকীয়া গাড়ী জব্দ

ব্লেকমেইলিং কৰি বন বিভাগৰ কেইবাজনো বিষয়াৰ পৰা নিয়মীয়াকৈ লাভ কৰি আহিছিল ধন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2020 9:35 am

2 min read

DulalBora

দুলাল বৰাৰ ফাইল ফটো

16.4k
VIEWS
Share on FacebookShare on Twitter

ব্লেক মেইলিঙৰ অভিযোগত ৰঙাঘৰৰ ভাত খাই থকা RTI কৰ্মী দুলাল বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ী জব্দ কৰিছে।

তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ১১ জানুৱাৰিত বৰাক চি আই ডিয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে।

বিশেষকৈ বন বিভাগৰ বহু বিষয়াক দীৰ্ঘ দিনৰ পৰা ব্লেকমেইলিং কৰি বিতৰ্কিত আৰ টি আই কৰ্মী বৰাই নিয়মীয়াকৈ ধন লাভ কৰি আহিছিল বুলি তদন্তত পোহৰলৈ আহিছে।

আয়ৰ কোনো স্পষ্ট উৎস নথকা বৰাৰ কেইবাখনো বিলাসী গাড়ী আৰু প্ৰচুৰ সম্পত্তি থকা বুলি তদন্তকাৰী বিষয়াৰ এটা সূত্ৰই কয়।

ধন দাবী কৰি নোপোৱা বাবে বন বিভাগৰ বহুকেইজন বিষয়াৰ বিৰুদ্ধে বৰা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আনিছে কেইবাজনো ভুক্তভোগী বন বিষয়াই।

বৰাৰ ব্লেকমেইলিঙৰ বলি হোৱা ৰেঞ্জাৰ ৰবীন কুমাৰ বৈশ্যৰ অভিযোগৰ ভিত্তিত চি আই ডিয়ে বৰ্তমান তদন্ত চলাই তেওঁক জিম্মাত লৈছে। বৈশ্যক বৰাই ১০ লাখ টকা দাবী কৰি আহিছিল বুলি অভিযোগত উল্লেখ।

বৈশ্যৰ উপৰি বিতৰ্কিত আৰ টি আই কৰ্মীজনৰ বিৰুদ্ধে আন কেইবাজনো বিষয়াই চি আই ডিত দিয়া কেইবাটাও অভিযোগ আছে। ৰেঞ্জাৰ বাবুল দাস, ৰেঞ্জাৰ ডালিম দাস, ৰেঞ্জাৰ পংকজ কলিতা, ফৰেষ্টাৰ ৰাহুল বৰ্মন আদিকে ধৰি কেইবাজন বিষয়াই তেওঁৰ ষড়যন্ত্ৰ তথা ব্লেকমেইলিঙৰ বলি হোৱা বুলি অভিযোগ দাখিল কৰিছে।

এটা সূত্ৰত প্ৰকাশ যে বৰাই বন বিভাগৰে কিছুমান কৰ্মচাৰীৰ সহায়ত নিয়মীয়াকৈ বিষয়াসকলৰ পৰা ধন সংগ্ৰহত কৰি আহিছিল। মধ্যস্থতাকাৰী, আৰু ধন যোগান দি অহাসকলক অচিৰেই আৰক্ষীয়ে ধৰিব পাৰে বুলি সূত্ৰটোত প্ৰকাশ।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে দুলাল বৰাই বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ অধীনত প্ৰায় ৭০হাজাৰ আৱেদন কৰিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd