• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ তালিকাৰ পৰা বাহিৰ হোৱা ১ লাখ লোকে নাগৰিকত্ব প্ৰমানৰ বাবে পাব ১৫ দিনৰ সময়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 4:31 pm
NRC-in-Assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

5.1k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) তালিকাৰ পৰা ১ লাখ লোক বাদ পৰা অতিৰিক্ত তালিকা প্ৰকাশ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জানিব দিয়ে যে যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত তালিকাৰ পূৰ্বে অহা ১৫ দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমানৰ বাবে অন্তিম সুযোগ লাভ কৰিব।

উল্লেখযোগ্য যে ২০১৮ৰ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল। যোৱা ২৬ জুনত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে আৰু ১,০২,৪৬২ জন লোকৰ নাম কৰ্তন হোৱা এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰিছে।

চৰকাৰী বিষয়াৰ সূত্ৰই জানিব দিয়া মতে ৰাজ্যখনৰ ৩১খন জিলাত সিচৰিত হৈ থকা এন আৰ চিৰ পৰা শেহতীয়াভাৱে বাদ পৰা এই ১ লাখৰো অধিক লোকে পুনৰ নাগৰিকত্ব দাবী কৰিব পাৰিব আৰু অহা ৫ জুলাইৰ পৰা ইয়াৰ শুনানি আৰম্ভ হ’ব।

অসমত থকা অবৈধ বিদেশী অনুপ্ৰবেশকাৰীসকলক চিনাক্তকৰণৰ বাবে প্ৰথমবাৰৰ বাবে ১৯৫১ চনৰ পাছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম কৰি থকা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত থকা সম্পূৰ্ণ নাগৰিকপঞ্জীখন অহা মাহত প্ৰকাশ পাব। বৰ্তমানলৈ প্ৰায় ৩.২৯ কোটি লোকে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছে আৰু ইয়াৰ ভিতৰত ২.৯ কোটি লোকৰ নাম যোগ্য হিচাপে বিবেচিত হৈছে।

বিদেশী হিচাপে ঘোষিত, সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধীশত গোচৰ চলি থকা লোকৰ অতিৰিক্ত ১১ লাখ লোকৰ নাম ড্ৰাফ্ট এন আৰ চিৰ পৰা বাদ দিয়া হৈছে বুলি বিভাগৰ পৰা প্ৰকাশ কৰা হৈছে। দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ শুনানিত যিসকল লোক অযোগ্য হিচাপে বিবেচিত হৈছে তেওঁলোকৰ নামো এন আৰ চি তালিকাৰ পৰা শেহতীয়াভাবে বাদ দিয়া হৈছে।

আনহাতে, বিগত দুই আঢ়ৈ মাহৰ ভিতৰত এন আৰ চি সেৱা কেন্দ্ৰ, উপায়ুক্তৰ কাৰ্য্যালয়, এচ ডি অ’ কাৰ্য্যালয় আদিত ড্ৰাফ্ট এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ শুনানি গ্ৰহণ কৰা হয় বুলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰকাশ কৰা হয়।

৩১ জুলাইৰ পূৰ্বে বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে মানৱসম্পদ নিয়োগ কৰাৰ বাবে কাৰ্য্যব্যৱস্থা হাতত লৈছে আৰু ইয়াৰ বাবে সমগ্ৰ ৰাজ্যত নতুনকৈ ১০০০ বিদেশী ন্যায়াধীকৰণ খোলা হ’ব বুলি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd