জনজাতীয় আৰু খাটিখোৱা মানুহৰ ভূমি অধিকাৰ ৰক্ষাৰ আন্দোলনৰ নেতা প্ৰণৱ দলে, আদিত চন্দ্ৰ ৰাভা আৰু তেওঁলোকৰ সতীৰ্থসকলক গ্ৰেপ্তাৰৰ প্ৰতিবাদত অহা ১৬ জুলাইত গুৱাহাটীত এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছে। আবেলি ৩ বজাত দীঘলীপুখুৰীৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত এই সভা অনুষ্ঠিত হ’ব।
নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা, সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ, অসম আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত নাগৰিক সভাখন আয়োজন কৰা হৈছে। সভাত সমাজৰ সকলো স্তৰৰ নাগৰিকক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।
এক প্ৰেছ বিজ্ঞপ্তিত উদ্যোক্তাসকলে অভিযোগ কৰে যে নিৰ্বাচনৰ পূৰ্বে অসমৰ সাধাৰণ মানুহক ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও নিৰ্বাচনৰ পিছত চৰকাৰে সম্পূৰ্ণ বিপৰীত নীতি গ্ৰহণ কৰিছে। তেওঁলোকৰ মতে, চেটেলাইট টাউনশ্বীপ, এৰ’চিটি, বৃহৎ হোটেল আৰু বিভিন্ন শক্তি প্ৰকল্পৰ নামত জনসাধাৰণৰ ভূমি বৃহৎ কৰ্প’ৰেট গোষ্ঠীক গতাই দিয়াৰ পৰিকল্পনা কৰা হৈছে।
এই প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে বিশেষকৈ জনজাতীয়, আদিবাসী আৰু কৃষিনিৰ্ভৰ লোকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলিও সংগঠনকেইটাই আশংকা প্ৰকাশ কৰিছে। ভূমি অধিগ্ৰহণৰ ফলত বহু পৰিয়াল জীৱিকা, কৃষিভূমি আৰু পৰম্পৰাগত বসতিস্থানৰ পৰা বঞ্চিত হ’ব পাৰে বুলি তেওঁলোকে উল্লেখ কৰে।
বিজ্ঞপ্তিটোত লগতে কোৱা হয় যে চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই আদিত চন্দ্ৰ ৰাভা আৰু প্ৰণৱ দলেৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। উদ্যোক্তাসকলে এই গ্ৰেপ্তাৰক চৰকাৰী দমন নীতিৰ অংশ বুলি অভিহিত কৰি নেতাসকলৰ মুক্তি আৰু জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাইছে।
চৰকাৰী দমন, ভূমি অধিগ্ৰহণ আৰু কৰ্প’ৰেটক ভূমি হস্তান্তৰৰ অভিযোগৰ বিৰুদ্ধে এক ঐক্যবদ্ধ গণমত গঢ়ি তোলাৰ উদ্দেশ্যেই নাগৰিক সভাখন আহ্বান কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে।





