স্মাৰ্ট চিটি গুৱাহাটীত নাগৰিকৰ দায়িত্ব ল’বলৈ অপাৰগ ‘সাথন নহ’ চৰকাৰ, সোপাঢিলা প্ৰশাসন’

বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীত কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ এটি ৮ বছৰীয়া শিশু। কৃত্ৰিম বানৰ মাজতে জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ। বাতৰি অনুসৰি, এতিয়াও সন্ধান ওলোৱা নাই সন্ধানহীন অবিনাশৰ।

প্ৰায় দুদিন পাৰ হৈ যোৱাৰ উপক্ৰম হোৱাৰ পিছতো SDRF-SDRFৰ উদ্ধাৰকাৰী দলে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অবিনাশৰ। শুকুৰবাবেও এছ ডি আৰ এফৰ দলটোৱে শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাছিল।

ইপিনে, পুত্ৰক বিচাৰি নাপাই ভাগি পৰিছে পিতৃ-মাতৃ। শুকুৰবাৰে নিশাও অবিনাশৰ পিতৃ হৰলাল সৰকাৰে নলাৰ কাষতে কটাইছিল। উদ্ধাৰকাৰী দলে অভিযান সামৰি যোৱাৰ পিছতো অকলে নলাত নামি সন্তানৰ সন্ধান চলাইছিল পিতৃয়ে।

শনিবাৰে পুনৰ SDRF, NDRF, GMC, অসম আৰক্ষীয়ে অবিনাশৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। পুৱা প্ৰশাসনৰ অভিযানৰ পূৰ্বেই পিতৃ হৰলাল সৰকাৰে পুত্ৰৰ সন্ধানত নলাত নামি পৰিছিল। নলাৰ পানীত পুত্ৰৰ অস্তিত্ব বিচাৰি ফুৰা এগৰাকী অসহায় পিতৃৰ এই হৃদয় বিদাৰক দৃশ্যই সকলোৰে অন্তৰ কঁপাই তুলিছে।

লগতে পঢ়কঃ অসমৰ বান পৰিস্থিতি উদ্বেগজনক; ৰাজ্যৰ ৩০ খন জিলাত ক্ষতিগ্ৰস্ত প্ৰায় ২৪.৫০ লাখ লোক

স্মাৰ্ট চিটি গুৱাহাটীত এতিয়া মহানাগৰিকৰ জীৱন যেন কচুপাতৰ পানী। এখন অপৰিকল্পিত মহানগৰীৰ বুকুঁত অনিশ্চিত জীৱন কটোৱাৰ বাবে সকলোৱে সাজু হোৱাৰ বাহিৰে যেন গত্যন্তৰ নাই। উন্নয়নৰ ফটাঢোল কোবাই নিজৰ জয়গান গোৱা চৰকাৰৰ হাতত নাই মহানগৰবাসীক সুৰক্ষাৰ আশ্বাস দিব পৰা কোনো উপায়।

চৰকাৰ তথা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ উদাহৰণ হয়তো দাঙি ধৰি শেষ কৰিব পৰা নাযাৱ। কিন্তু বাৰে বাৰে মহানগৰীত সংঘটিত হৈ অহা এনে ধৰণৰ ঘটনাই স্মাৰ্ট চিটি গুৱাহাটীৰ ভাৱমূৰ্তি বিনষ্ট কৰাই নহয়, ইয়াত যে এক অকামিলা প্ৰশাসন ব্যৱস্থা বৰ্তমান তাৰো দৃষ্টান্ত দাঙি ধৰে।

বৃহস্পতিবাৰৰ পৰা উদ্বিগ্ন মহানগৰবাসীক আশ্বস্ত কৰিব পৰা কোনো তৎপৰতা প্ৰশাসনৰ ফালৰ পৰা দেখা নগ’ল। বহু পলমকৈ আৰম্ভ কৰা অভিযানে সেয়ে সাফল্য লাভত ব্যৰ্থ হৈছে। স্বাভাৱিকতে দেখা গৈছে যে জিএমচিৰ তৎপৰতা এইক্ষেত্ৰত একেবাৰে নিষ্প্ৰভ। মহানগৰীত থলুৱাক উচ্ছেদৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত তৎপৰতা প্ৰদৰ্শন কৰি মহানগৰৰ স্বাৰ্থৰ বন্দনা গোৱা বিভাগীয় মন্ত্ৰী সিংহলো এনে ঘটনাত টু পাই বুৰ মাৰিছে।

মহানগৰবাসীৰ হয়তো মনত আছে আজিৰ পৰা প্ৰায় দুই দশক পূৰ্বে মহানগৰীৰ গান্ধীবস্তিত উপামনি চৌধুৰী নামৰ এগৰাকী মহিলা নলাত পৰি কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল। সেই সময়ত সংবাদ মাধ্যমকে ধৰি মহানগৰবাসীৰ মাজত ঘটনাটোৱে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। তাৰপিছতো সময়ে সময়ে এনে ঘটনা ঘটিয়েই আছে।

লগতে পঢ়কঃ ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

২০২২ৰ এপ্ৰিলত গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ নলাত হামিদুল আলী নামৰ যুৱক এজনৰ যুৱকৰ মৃতদেহ নলাত উদ্ধাৰ হৈছিল। নলাৰ পৰা উদ্ধাৰ কৰা মৃতদেহটোত কোনো আঘাতৰ চিন নাছিল। নলাত যুৱকজন পিচলি পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে।গান্ধীবস্তিত ভাড়াঘৰত আছিল মৃত যুৱকজনে ঠেলাত কাপোৰ ব্যৱসায়ী কৰিছিল।

২০২৩ৰ জুনত পুনৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ লখিমীনগৰ তিনিআলিত নলাৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো নৰেন চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছিল। নৰেন চৌধুৰী এজন মাছ ব্যৱসায়ী আছিল। এটা উন্মুক্ত নলাত পৰি মৃত্যুক সাৱটিছিল নৰেন চৌধুৰীয়ে।

সেইদৰে, ২০২৩ৰ জুলাইত  গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল আন এক মৰ্মান্তিক ঘটনা। মহানগৰীৰ মঠঘৰীয়া স্থানীয় গেইট হাস্পতালৰ সমীপৰ পথৰ গাঁতত পৰি সৌৰভ দাস নামৰ এজন যুৱকৰ মৃত্যু হৈছিল। আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাৰ বাবে জিএনআৰচি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত আঘাতপ্ৰাপ্ত সৌৰভৰ মৃত্যু হৈছিল।

জানিব পৰা গৈছিল যে যুৱকজনে জন্মদিনৰ উপহাৰ নিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। দুৰ্ভাগ্যজনকভাৱে খনন কৰা গাঁতত পৰি যোৱাৰ ফলত এই মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হৈছিল। কেইবাদিনো গাঁতটো খোলা থকাৰ সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতহে জিলা প্ৰশাসনে গাঁতটো মাৰি দিছিল। সৌৰভ দাস এবছৰ পূৰ্বে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

লগতে পঢ়কঃ “আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

সেয়াই নহয়, ২০২৩ৰ জুন মাহত গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপত এখন স্কুল বাছত খুন্দা খাই প্ৰাণ হেৰুৱাইছিল এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে। সেই দুৰ্ঘটনাটোও পথৰ দাঁতিত খান্দি থোৱা গাঁতৰ ফলত হৈছিল।

গুৱাহাটীত চৰকাৰে উন্নয়নৰ নামত কৰা ৰাস্তা-ঘাটৰ কামবোৰত সংশ্লিষ্ট কৰ্তৃপক্ষই অতি বেপেৰোৱাভাৱে গাঁত খান্দি সেইবোৰ মুকলিকৈ ৰখাৰ ফলত যান-বাহনৰ লগতে পথাচাৰীৰ বাবেও অতি বিপজ্জনক হৈ আহিছে।

মহানগবীবাসীৰ সমস্যাসমূহ দূৰ কৰাৰ লক্ষ্যৰে বাট-পথ উন্নয়ন, নলা-নৰ্দমা পৰিষ্কাৰ, কৃত্রিম বানপানী ৰোধ, বিশুদ্ধ খোৱাপানী যোগান, স্ট্রীট লাইট, নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰা আদিৰ নামত বছৰি চৰকাৰী বিভাগসমূহে কোটি কোটি টকাৰ খৰচ কৰি আহিছে যদিও কোনোদিন তাৰ সমাধান নহ’ল।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি উন্মুক্ত হৈ থকা মৰণফান্দৰূপী পদপথসমূহে শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিককে ধৰি সাধাৰণ নাগৰিকক জীয়াতু ভোগাই আহিছে। এনে মৰণফান্দৰূপী পদপথেৰে যাতায়ত কৰি বিভিন্নজনে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। মৰণফান্দৰূপী এই পদপথসমূহ বাৰিষাৰ সময়ত কেনে ভয়াৱহ হৈ পৰে সেয়া সকলোৱে দেখি আহিছে।

লগতে পঢ়কঃ কাশ্মীৰক লৈ সৰৱ আছিল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী; ষ্টাৰ্মাৰৰ দিনত কেনেকুৱা হ’ব ভাৰতৰে সম্পৰ্ক?

দিনৰ পিছত দিন ধৰি উন্মুক্ত হৈ থকাৰ পাছতো সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ নিৰ্লিপ্ততাই পৰিস্থিতি অধিক আশংকাজনক কৰি তুলিছে। মহানগৰীখনৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগম, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ, স্মার্ট চিটি লিমিটেড, গড়কাপ্টানী আদিকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগসমূহ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি যে  দায়বদ্ধ নহয় সেয়া এই অৱস্থাসমূহে প্রমাণ কৰে।

অবিনাশ সৰকাৰ নামৰ শিশুটিৰ মৰ্মান্তিক ঘটনাটোৱে আকৌ এবাৰ মহানগৰবাসীক সোঁৱাৰই দিলে যে  চৰকাৰৰ অদক্ষতাৰ পৰিণতিত এই অপৰিকল্পিত মহানগৰীত তেওঁলোক কিমান অসুৰক্ষিত। মহানগৰীৰ শ্ৰমজীৱী এগৰাকী সাধাৰণ নাগৰিকৰ ভাষাত এয়া ‘সাথন নহ’ চৰকাৰ, সোপাঢিলা প্ৰশাসন‘ এক নমুনা।