নাগৰিকত্ব (সংশোধন) আইন ২০১৯ মৌলিকভাৱে বৈষম্যমূলক: ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ

Citizenship (Amendment) Act 2019 fundamentally discriminatory in nature: UN High Commissioner for Human Rights

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে শুকুৰবাৰে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক “মৌলিকভাৱে বৈষম্যমূলক” বুলি অভিহিত কৰিছে।

আইনখনে চুবুৰীয়া দেশ তিনিখনৰ “নিপীড়িত” সম্প্ৰদায়কেইটাক সুৰক্ষা দিব খোজা লক্ষ্যক আদৰণি জনায়ো ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৈছে যে ই ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাক দুৰ্বল কৰিছে।

“সংশোধিত আইনখনে ভাৰতীয় সংবিধানপ্ৰদত্ত আইনৰ সন্মুখত সমতাৰ প্ৰতিশ্ৰুতিক আৰু ভাৰতীয় ৰাষ্ট্ৰ পক্ষ হিচাপে থকা, বৰ্ণ, গোষ্ঠী বা ধৰ্মীয়ভিত্তিক বৈষম্য বাৰণ কৰা International Covenant on Civil and Political Rights আৰু Convention for the Elimination of Racial Discrimination-অধীন ভাৰতৰ দায়বদ্ধতাক দুৰ্বল কৰাৰ দৰে দেখা যাব,” ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ক গোটটোৰ উচ্চায়ুক্তৰ বিবৃতিত প্ৰকাশ।

বিবৃতিটোত ভাৰতে “মাত্ৰ ১২ মাহ” পূৰ্বে Global Compact for Safe, Regular and Orderly Migrationত সন্মতি দিয়াৰ কথা কোৱা হৈছে।

এই সন্মতিৰ যোগেদি ৰাষ্ট্ৰসমূহ বিপদসাধ্য পৰিস্থিতিত প্ৰব্ৰজনকাৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি প্ৰদান কৰা, পক্ষপাতমূলক আটক আৰু সামূহিক বিতাড়ন এৰাই চলা আৰু সকলো প্ৰব্ৰজনকাৰী প্ৰশাসন কাৰ্য্যব্যৱস্থা মানৱ অধিকাৰভিত্তিক হোৱাটো নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

কোৱা হৈছে, সকলো প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ প্ৰব্ৰজন স্থিতি-নিৰ্বিশেষে সন্মান, সুৰক্ষা আৰু তেওঁলোকৰ মানৱ অধিকাৰৰ পৰিপূৰ্তি পোৱাৰ যোগ্য।

আইনখন সংখ্যালঘু গোষ্ঠীসমূহকো সামৰি মুছলমানসকলৰ প্ৰতি প্ৰসাৰিত নোহোৱাৰ কথা আঙুলিয়াই দিয়া হৈছে।

ৰাষ্ট্ৰসংঘই ভাৰতৰ প্ৰব্ৰজনকাৰীৰ সমস্যাটো এক সুদৃঢ় আশ্ৰয়দান ব্যৱস্থা (robust asylum system)ৰ যোগেদি মোকাবিলাৰ পোষকতা কৰিছে।

“যি সমতা আৰু অ-বৈষম্যৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, আৰু যি নিপীড়ন আৰু আন মানৱ অধিকাৰ উলংঘনৰ পৰা সুৰক্ষাৰ প্ৰয়োজনীয়তা থকা সকলো ব্যক্তিৰ ক্ষেত্ৰত জাত, ধৰ্ম, দেশীয় মূল বা আন নিষিদ্ধতা-ভিত্তিৰ ব্যৱধান নৰখাকৈ প্ৰয়োগ হ’ব,” বিবৃতিটোত প্ৰকাশ।

আইনখন বিৰোধী অসমৰ দল-সংগঠনৰ দৰে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱেও ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ “পুনৰীক্ষণ”ত আশা ৰাখিছে।

“আমি আশা কৰিছো (ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দায়বদ্ধতাসমূহৰ সৈতে আইনখনৰ সামঞ্জস্যতা সাৱধানে বিবেচনা কৰিব,” বিবৃতিটোত কোৱা হৈছে।

https://www.ohchr.org/EN/NewsEvents/Pages/DisplayNews.aspx?NewsID=25425&LangID=E