NORTHEAST NOW (Assamese)

কাৰাগাৰৰ ভিতৰতো নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত আন্দোলন

January 11, 2019 10:16 pm · ৰিতুপল্লৱ শইকীয়া
Updated: January 11, 2019 10:42 pm
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যখনৰ চৌদিশে নাগৰিকত্ব বিধেয়কক লৈ উত্তাল পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়তে গোলাঘাট জিলাৰ কাৰাগাৰত থকা তিনিজন ছাত্ৰ নেতায়ো এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে আমৰণ অনশন।

উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰিত বিজেপিৰ গোলাঘাট  জিলা কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ গোলাঘাট কাৰাগাৰত থকা ছাত্ৰ নেতা তিনিজন হ’ল ক্ৰমে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ।

ছাত্ৰ নেতা তিনিজনে বিধেয়ক বাতিলৰ দাবী জনাই কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীক লৈ কাৰাগাৰ কৰ্তৃপক্ষ বিমোৰত পৰাৰ বিপৰীতে দল-সংগঠনসমূহে এই কাৰ্যসূচীক সমৰ্থন জনাইছে।

ইফালে এই তিনিওগৰাকী নেতাৰ মুক্তিৰ দাবীত আজি দুপৰীয়া জিলা কাৰাগাৰৰ সন্মুখত চুতীয়া ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তাই আহোম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ পৰিষদ আৰু কোঁচ ৰাজবংশী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসূচীত চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা দিব্যজ্যোতি শইকীয়া, মধুমাধৱ শইকীয়া, জিলা সম্পাদক ৰীতু শইকীয়া, ছাত্ৰ মুক্তিৰ সত্যব্ৰত শইকীয়া আৰু তাই আহোম ছাত্ৰ সন্থাৰ জিলা সভাপতি কৃষ্ণ বৰুৱা উপস্থিত থাকে।

Related News