NORTHEAST NOW (Assamese)

গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত তিনিখন বাহনত খুন্দা মাৰিলে এখন চিটি বাছে

July 6, 2023 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত তিনিখনকৈ ব্যক্তিগত বাহনত খুন্দা মাৰে এখন চিটি বাছে।

দুৰ্ঘটনাটোৰ ফলত বৃহস্পতিবাৰে ব্যস্ত সময়ছোৱাত গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।

লগতে পঢ়ক: ধুমুহাৰ গতিৰে চলিছিল বাছখন, পথৰ পৰা ছিটিকি গৈ পৰিল খাৱৈত; ২৯ জনৰ মৃ্ত্যু, আহত ১৭

চিটি বাছখনৰ দ্ৰুত গতিত চলাৰ বাবে সংঘটিত হোৱা এই দুৰ্ঘটনাটোত তিনিখন বাহনত থকা লোকসকল আহত হয়।

জানিব পৰা মতে, ‘এ এছ ০১ এইচ চি ১৪৮৩’ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত তিনিখন বাহনক খুন্দা মাৰে।

লগতে পঢ়ক: টুইটাৰৰ ‘শত্ৰু’ৰ আৱিৰ্ভাৱ! ইনষ্টাগ্ৰামে আনিছে নতুন এপ; কি কি সুবিধা আছে ইয়াত? চাওক সবিশেষ

মহানগৰীৰ দিছপুৰ আৰক্ষী থানাৰ বিষয়াসকল ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হয়।

Related News