এটা তিনি বছৰ পুৰণি ব্যক্ৰোক্তিমূলক ফেইচবুক পোষ্টৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান চলোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে একাংশ সংবাদ মাধ্যমত ছাত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি প্ৰচাৰ হৈছে যদিও এই পৰ্য্যন্ত গোচৰ হোৱা নাই বুলি নিশ্চিত কৰিছে জালুকবাৰী আৰক্ষীৰ এটা সূত্ৰই।
পোষ্টটো বিতৰ্কৰ পিছতে ডিলিট কৰা হৈছিল বাবে তাক মূল ৰূপত উদ্ধাৰ কৰিব পৰাটো সম্ভৱ হোৱা নাই আৰু গোচৰ ৰুজু কৰিব নোৱৰাৰ কাৰণো সেয়ে, নাম প্ৰকাশত অনিচ্ছুক সূত্ৰটোৱে জানিবলৈ দিয়ে।
চৰ্চাত অহা পোষ্টটো কৰা গৱেষিকা ছাত্ৰীগৰাকীৰ নাম ৰেহনা চুলতানা। তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত গৱেষণা কৰি আছে।
তেওঁ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল বুলি তেওঁৰ ফেইচবুক প্ৰফাইলৰ পৰা জানিব পৰা গৈছে।
জানিব পৰা মতে, প্ৰায় তিনি বছৰ পুৰণি এই পোষ্টটোক লৈ শেহতীয়াকৈ দুলাল বৰা নামৰ এজন লোকে বাতৰি প্ৰকাশ কৰাইছিল।
আনহাতে, এই পোষ্টটোৰ বিৰুদ্ধে বিশেষ ব্যাক্তিয়ে জালুকবাৰী থানাত গোচৰো দিছে বুলি জনা গৈছে। আৰক্ষীয়ে ইয়াৰ সত্যাসত্যতা পৰীক্ষা কৰি আছে।
উল্লেখ কৰিব পাৰি যে ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ আৰু গৰুৰ মাংসৰ প্ৰসংগ থকা পোষ্টটো দিয়াৰ পিছতে ব্যাপক বিতৰ্ক হৈছিল, যাৰ বাবে পোষ্টকৰ্তাই ইয়াক ডিলিট কৰিছিল। কিন্তু ইয়াৰ স্ক্ৰীন শ্বট ৰৈ গৈছিল কিছু সংখ্যক লোকৰ হাতত।
আনহাতে বৰাই চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধানকো এই বুলি অভিযোগ দিছে যে এন আৰ চিৰ শুনানিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকসকলক সাহায্য প্ৰদানৰ অচিলাৰে এটা চক্ৰই ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰি ব্যাপক ধন সংগ্ৰহ কৰিছে।
বৰাৰ অভিযোগ, এই চক্ৰটোৱে এন আৰ চিৰ শুনানিত হোৱা হাৰাশাস্তিৰ দোহাই দি ছ’চিয়েল মিডিয়াত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। তেওঁ ৰেহনা চুলতানা, আশ্রাফুল হুছেইন, মৌচুমী চেতিয়াৰ নাম উল্লেখ কৰিছে বুলি জনা গৈছে।
উল্লেখ কৰিব পাৰি যে এন আৰ চিৰ পুনৰীক্ষণৰ নামত হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘু লোকক ৪০০-৫০০ কিলোমিটাৰ দূৰলৈ মাতি পঠিওৱা হৈছে, যাৰ বাবে হাতত মাত্ৰ ২৪ ঘণ্টা সময় দি জাননী জাৰি কৰা হৈছে। অথচ এছ অ’ পি মতেই জাননী কমেও পোন্ধৰ দিন সময় দি জাৰি কৰিব লাগে আৰু কাষৰ জিলাতে হ’ব লাগে।
ইতিমধ্যে প্ৰক্ৰিয়াটোত বহুতো ভুক্তভোগীয়ে অবৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন হৈছে। ঘটনাটোৱে সচেতন লোকৰ মনত উদ্গেগৰ সৃষ্টি কৰিছে। কেইবাজনো লোক এন আৰ চিৰ পুনৰীক্ষণৰ বাবে যাওঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে।