মেঘালয়লৈ বদলিৰ প্ৰতিবাদত মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিৰ পদত্যাগ

VIJAYAKAMLESHTAHILRAMANI

পদত্যাগ কৰা মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনি।

মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত অসন্তুষ্ট হৈ পদত্যাগ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁক ঐতিহাসিক মাদ্ৰাজ হাইকোৰ্টৰ পৰা মেঘালয় হাইকোৰ্টলৈ বদলি কৰাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ টাহিলৰমনিয়ে পদত্যাগ কৰে।

মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে শুকুৰবাৰে তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ প্ৰেৰণ কৰে।

মুখ্য ন্যায়াধীশ টাহিলৰমনিয়ে তেওঁৰ পদত্যাগ পত্ৰৰ এটা প্ৰতিলিপি দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈকেও প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত কলেজিয়ামে যোৱা ২৮ আগষ্টত মেঘালয় হাইকোৰ্টলৈ তেওঁৰ বদলিত অনুমোদন জনাইছিল।

কলেজিয়ামে ইতিমধ্যে মেঘালয় হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ এ কে মিট্টালক মাদ্ৰাজ হাইকোটলৈ বদলি কৰে।

ন্যায়াধীশ ভি কে টাহিলৰমনি ২০০১ চনৰ ২৬ জুনত ৪৩ বছৰ বয়সত বোম্বে হাইকোৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল।

তেওঁ ২০১৮ চনৰ ১২ আগষ্টত মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল।

২০২০ চনৰ ২ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে এবছৰতকৈ অধিক কাৰ্যকাল বাকী থকা অৱস্থাতে পদত্যাগ কৰে।

মেঘালয় হাইকোৰ্টত চাৰিগৰাকী ন্যায়াধীশ থকাৰ বিপৰীতে মাদ্ৰাজ হাইকোৰ্টত ন্যায়াধীশৰ সংখ্যা হৈছে ৭৫ গৰাকী।

মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতিক শীঘ্ৰেই তেওঁক অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছে। ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ পদত্যাগ পত্ৰখন পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মেঘালয় হাইকোৰ্ট ২০১৩ চনৰ মাৰ্চত প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে দেশৰ তিনিখন আটাইতকৈ পুৰণি হাইকোৰ্টৰ ভিতৰত অন্যতম মাদ্ৰাজ হাইকোৰ্ট ১৮৬২ চনৰ ২৬ জুনত প্ৰতিষ্ঠা হৈছিল।

দেশৰ ২৫খন হাইকোৰ্টৰ পুৰুষ প্ৰাধান্য ন্যায়াধীশৰ মাজত ভি কে টাহিলৰমনি আৰু গীতা মিট্টাল আছিল মাত্ৰ দুগৰাকী মহিলা ন্যায়াধীশ।