• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নথি পঞ্জীয়নত চিবিআইৰ বিষয়া নিয়োগ কৰিব বিচাৰিছে ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 11:23 am
ranjan-gogoi-with-SC-3

ফটো : বাৰ এণ্ড বেঞ্চৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ক উচ্চতম ন্যায়ালয়ৰ নথি পঞ্জীয়নত (ৰেজিষ্ট্ৰী) তেওঁলোকৰ বিষয়া নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে। এই কথা নিশ্চিত কৰিছে চিবিআইৰ সঞ্চালক ঋষি কুমাৰ শুক্লাই।

‘’উচ্চতম ন্যায়ালয়ে আমাক ডেপুটেশ্যনত বিষয়া পঠাবলৈ নিৰ্দেশ দিছে,’’-শুক্লাই কয়। অৱশ্যে, কিমানজন বিষয়া, কি পৰ্যায়ৰ বিষয়া আদি বিতং তথ্য প্ৰকাশৰ পৰা তেওঁ বিৰত থাকে। হিন্দুস্তান টাইমছে এই বাতৰি প্ৰকাশ কৰিছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ কিছু যুক্তি আছে। এক বিশ্বস্ত সূত্ৰই  জানিব দিয়া মতে মুখ্য ন্যায়াধীশগৰাকীয়ে আৰক্ষী অধীক্ষক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আনকি পৰিদৰ্শক পৰ্যায়ৰ বিষয়া পঠাবলৈ কৈছে যিসকলে নথি পঞ্জীয়নৰ কামকাজ নিৰীক্ষণ কৰিব।

তেওঁলোকে গোচৰসমূহৰ তালিকা প্ৰস্তুত কৰোতে যাতে কোনো সুযোগ দিয়া নহয় আৰু কৰ্মচাৰীসকলে অধিবক্তাসকলক কোনো তথ্য সৰবৰাহ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব তথা নথি পঞ্জীয়নত নিযুক্ত কৰ্মচাৰীসকলৰ যোগ্যতা-যথাৰ্থতাও আনকি পৰীক্ষা কৰিব।

আনহাতে, নথি পঞ্জীয়ন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে যে চিবিআই বিষয়াসকলে নথি পঞ্জীয়নৰ কামকাজত দৃষ্ট নাৰাখে। ‘’তেওঁলোকে  ন্যায়ালয়ত নতুনকৈ নিযুক্ত লোকসকলৰ বিশ্বাসযোগ্যতা পৰীক্ষণৰ বাবে আন সংস্থাৰ সৈতে অকল সম্পৰ্কৰক্ষী বিষয়া হিচাপেহে কাম কৰিব।

বৰ্তমান ব্যৱস্থাৰ অধীনত একমাত্ৰ স্থানীয় আৰক্ষী থানাৰ পৰ্যায়তহে ভেৰিফিকেশ্যন কৰা হয়। সেয়েহে আন থানাৰ অধীনত বা আন ৰাজ্যত তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ বিষয়ে জানিব পৰা নাযায়। এতিয়া এই সন্দৰ্ভত গভীৰ অনুসন্ধান হ’ব।

আনহাতে, প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত চিবিআইৰ বিষয়া নিযুক্ত হ’ব। চিবিআইক দেশত হোৱা যিকোনো ধৰণৰ দুৰ্নীতিৰ তদন্তৰ বাবে ইতিমধ্যে আইনগতভাৱে ক্ষমতা প্ৰদান কৰা হৈছে যদিও উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে উচ্চতৰ ন্যায়ালয়ৰ সৈতে সম্পৰ্কিত কোনো তদন্তৰ ক্ষমতা ইয়াৰ নাই।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰাক্তন চিবিআই সঞ্চালকে কয়,’’ চিবিআই আৰু উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে ঘটিছে। দিল্লী স্পেছিয়েল এষ্টাব্লিছমেন্ট এক্ট অনুসৰি, আন বিভাগলৈ ডেপুটেশ্যনলৈ যোৱাত চিবিআইৰ সন্মতি নাই। কিন্তু দেশৰ মুখ্য ন্যায়াধীশেই যিহেতু চিবিআইৰ বিষয়া ডেপুটেশ্যনত বিচাৰিছে, গতিকে বিষয়টোত কোনো জটিলতা নাই।‘’

উল্লেখযোগ্য যে, অলপতে মুখ্য ন্যায়াধীশগৰাকীয়ে এগৰাকী ব্যৱসায়ীৰ সৈতে সম্পৰ্কিত এটা গোচৰৰ নিৰ্দেশ সলনি কৰাৰ অভিযোগত আদালতৰ দুজন কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd