আজিৰে পৰা আৰম্ভ এন আৰ চিৰ ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া

NRC-2

আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা তথা ভুলকৈ অন্তৰ্ভুক্ত হোৱা সন্দৰ্ভত থকা ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ওজৰ-আপত্তি দাখিলৰ বাবে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত লোকৰ বিৰুদ্ধে ওজৰ-আপত্তি থাকিলে সেয়াও এই প্ৰক্ৰিয়াত দাখিল কৰিব পাৰিব। সম্প্ৰতি এন আৰ চিৰ নথি ৰূপে ১৫খন নথিৰ পৰিৱৰ্তে ১০খন নথিহে গ্ৰহণযোগ্য হ’ব।

উল্লেখযোগ্য যে এন আৰ চিত পুনৰ নামভৰ্তিৰ দাবীৰ আৱেদনৰ পৰা কৰ্তন কৰা হৈছে ৫খন নথি। ৰেচন কাৰ্ড, ১৯৫১ৰ এন আৰ চিৰ নথি, ১৯৭১ৰ ২৪ মাৰ্চলৈ ভোটাৰ তালিকা, ৭১ৰ ২৪মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ পুনৰ নামভৰ্তিৰ দাবীৰ আৱেদনৰ পৰা কৰ্তন কৰা হৈছে।

এইক্ষেত্ৰত হাজেলাৰ শপতনামা বাহাল ৰাখিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে, কৰ্তন কৰা ৫ বিধ নথি সন্দৰ্ভত ন্যায়ালয়ে বিবেচনা কৰিব। দাবী-আপত্তিৰ আৱেদনৰ ৩০ দিনৰ পিছত এই সন্দৰ্ভত ন্যায়ালয়ে পুনৰ বিবেচনা কৰিব।

ইপিনে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ আজিৰে পৰা উপলব্ধ হ’ব। সেই অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত কোনো লোকৰ নাম অন্তৰ্ভুক্তিৰ আপত্তি দাখিলৰ ক্ষেত্ৰত থকা চৰ্তসমূহো বান্ধি দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে এন আৰ চিৰ ৱেবছাইটত (www.nrcassam.nic.in) দাবী আৰু আপত্তি দাখিলৰ খচৰা প্ৰ-পত্ৰ প্ৰদৰ্শন কৰা হৈছিল আৰু তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। আপত্তি দাখিলৰ প্ৰ-পত্ৰত উল্লেখ কৰা হৈছিল যে কোনো লোকৰ বিৰুদ্ধে দাখিল কৰা আপত্তিৰ ক্ষেত্ৰত তথ্য ভুল বুলি প্ৰমাণিত হ’লে দাখিল কৰোঁতাজন ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব।

উক্ত চৰ্তক লৈ বিভিন্ন পক্ষই প্ৰতিবাদ কৰিছিল আৰু অসম মন্ত্ৰী পৰিষদৰ বৈঠকে শাস্তিৰ বিষয়টো বাদ দি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ এছ অ’ পি যুগুতাবলৈ কেন্দ্ৰীয় চৰকাৰক  আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এছ অ’ পিত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰত ভুল তথ্যৰ বাবে শাস্তিৰ প্ৰসংগটো উঠাই দিয়া হৈছে।

ইপিনে আজিৰে পৰা আৰম্ভ হোৱা এন আৰ চিৰ ওজৰ-আপত্তি প্ৰক্ৰিয়াত পূৰণ কৰা প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰতহে জমা দিব লাগিব।