NORTHEAST NOW (Assamese)

গৌৰীসাগৰত বিদ্যালয়ৰ সমীপতে অগ্নিদগ্ধ দশম শ্ৰেণীৰ ছাত্ৰী; প্ৰেমিক আটক

January 19, 2019 7:19 pm · ৰাজীৱ দত্ত
ফটো পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত শিক্ষানুষ্ঠান গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে |

ঘটনা অনুসৰি বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটিয়াপাৰ নিবাসী মিণ্টু শৰ্মাৰ কণিষ্ঠা কন্যা পৰিষ্মিতা দেৱী ৰহস্যজনক অৱস্থাত বিদ্যালয়ৰ দক্ষিণ দিশৰ গেটৰ কাষতে অগ্নিদগ্ধ হয়।

প্ৰাপ্ত তথ্য মতে পৰিষ্মা দেৱীৰ বিদ্যালয়খনতে অধ্যয়নৰত একাদশ শ্ৰেণীৰ ছাত্ৰ তথা আইলামুখ নিবাসী সুনীল দাসৰ পুত্ৰ ৰিকি দাসৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল, স্থানীয় লোকৰ মতে বিদ্যালয় ছুটীৰ পিছত দুয়োগৰাকীয়ে প্ৰায়ে ঘটনা সংঘটিত হোৱা স্থানত বাৰ্তালাপত লিপ্ত হৈছিল। আজিও দিনৰ প্ৰায় ১ মান বজাত বিদ্যালয় ছুটীৰ পিছত দুয়ো উক্ত স্থানত কথা পাতি থকাৰ কিছু সময় পিছতেই পৰিষ্মিতা দেৱী হঠাতে অগ্নিদগ্ধ হয় আৰু প্ৰাণ বচাবৰ বাবে কাষতে থকা বিলৰ পানীত জাপ দিয়ে।

বিলখনৰ আনটো পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা গেৰেজৰ কৰ্মচাৰীয়ে ঘটনাটো প্ৰতক্ষ্য কৰি বিদ্যালয়ৰ অধ্যক্ষ গৰাকীক ফোন কৰে আৰু অধ্যক্ষ তথা শিক্ষকসকলে ছাত্ৰীগৰাকীক জৰুৰীসেৱাযোগে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনাৰ খবৰ লাভ কৰিয়েই গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত স্থানৰ পৰা প্ৰেমিক ৰিকি দাসক আটক কৰাৰ লগতে কেৰচিন লৈ অহা এটা খালী বটল আৰু এটা জুইশলাৰ বাকচ উদ্ধাৰ কৰে। আটক ৰিকি দাসে জানিবলৈ দিয়া মতে আন দিনাৰ দৰে তেওঁলোকে কথা পাতি থাকোতেই তেওঁ প্ৰেমৰ সম্পৰ্ক ছিন্ন কৰিব বুলি কোৱাৰ লগে লগেই ছাত্ৰীগৰাকীয়ে  নিজৰ সৈতে মজুত ৰখা কেৰচিন গাত ঢালি জুই জ্বলাই দিয়ে আৰু প্ৰাণ বচাবৰ বাবে কাষৰ বিলত জাপ দিয়ে।

উল্লেখযোগ্য যে ৰিকি দাসে পৰিষ্মিতাক বচাবৰ বাবে বিলৰ পানীৰ পৰা তুলিহে আনিছিল বুলি কয় যদিও ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীৰ মতে বিদ্যালয়ৰ ছুটীৰ পাছত ঘৰলৈ বুলি আহি থাকোতে বিদ্যালয়ৰ সমীপতে কোনোবাই পিছফালৰ পৰা তেওঁৰ ভৰিত জুই লগাই দিয়ে।

দুয়োখন ভৰিত বেয়াকৈ অগ্নিদগ্ধ হোৱা ছাত্ৰী গৰাকীক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত গৌৰীসাগৰ আৰক্ষীয়ে প্ৰেমিক ৰিকি দাসক সোধাপোছা অব্যাহত ৰাখিছে।

Related News