• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৌৰীসাগৰত বিদ্যালয়ৰ সমীপতে অগ্নিদগ্ধ দশম শ্ৰেণীৰ ছাত্ৰী; প্ৰেমিক আটক

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 19, 2019 7:19 pm

2 min read

গৌৰীসাগৰত বিদ্যালয়ৰ সমীপতে অগ্নিদগ্ধ দশম শ্ৰেণীৰ ছাত্ৰী; প্ৰেমিক আটক

ফটো পাৰ্শ্বজ্যোতি গগৈ

220
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত শিক্ষানুষ্ঠান গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে |

ঘটনা অনুসৰি বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটিয়াপাৰ নিবাসী মিণ্টু শৰ্মাৰ কণিষ্ঠা কন্যা পৰিষ্মিতা দেৱী ৰহস্যজনক অৱস্থাত বিদ্যালয়ৰ দক্ষিণ দিশৰ গেটৰ কাষতে অগ্নিদগ্ধ হয়।

প্ৰাপ্ত তথ্য মতে পৰিষ্মা দেৱীৰ বিদ্যালয়খনতে অধ্যয়নৰত একাদশ শ্ৰেণীৰ ছাত্ৰ তথা আইলামুখ নিবাসী সুনীল দাসৰ পুত্ৰ ৰিকি দাসৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল, স্থানীয় লোকৰ মতে বিদ্যালয় ছুটীৰ পিছত দুয়োগৰাকীয়ে প্ৰায়ে ঘটনা সংঘটিত হোৱা স্থানত বাৰ্তালাপত লিপ্ত হৈছিল। আজিও দিনৰ প্ৰায় ১ মান বজাত বিদ্যালয় ছুটীৰ পিছত দুয়ো উক্ত স্থানত কথা পাতি থকাৰ কিছু সময় পিছতেই পৰিষ্মিতা দেৱী হঠাতে অগ্নিদগ্ধ হয় আৰু প্ৰাণ বচাবৰ বাবে কাষতে থকা বিলৰ পানীত জাপ দিয়ে।

বিলখনৰ আনটো পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা গেৰেজৰ কৰ্মচাৰীয়ে ঘটনাটো প্ৰতক্ষ্য কৰি বিদ্যালয়ৰ অধ্যক্ষ গৰাকীক ফোন কৰে আৰু অধ্যক্ষ তথা শিক্ষকসকলে ছাত্ৰীগৰাকীক জৰুৰীসেৱাযোগে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনাৰ খবৰ লাভ কৰিয়েই গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত স্থানৰ পৰা প্ৰেমিক ৰিকি দাসক আটক কৰাৰ লগতে কেৰচিন লৈ অহা এটা খালী বটল আৰু এটা জুইশলাৰ বাকচ উদ্ধাৰ কৰে। আটক ৰিকি দাসে জানিবলৈ দিয়া মতে আন দিনাৰ দৰে তেওঁলোকে কথা পাতি থাকোতেই তেওঁ প্ৰেমৰ সম্পৰ্ক ছিন্ন কৰিব বুলি কোৱাৰ লগে লগেই ছাত্ৰীগৰাকীয়ে  নিজৰ সৈতে মজুত ৰখা কেৰচিন গাত ঢালি জুই জ্বলাই দিয়ে আৰু প্ৰাণ বচাবৰ বাবে কাষৰ বিলত জাপ দিয়ে।

উল্লেখযোগ্য যে ৰিকি দাসে পৰিষ্মিতাক বচাবৰ বাবে বিলৰ পানীৰ পৰা তুলিহে আনিছিল বুলি কয় যদিও ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীৰ মতে বিদ্যালয়ৰ ছুটীৰ পাছত ঘৰলৈ বুলি আহি থাকোতে বিদ্যালয়ৰ সমীপতে কোনোবাই পিছফালৰ পৰা তেওঁৰ ভৰিত জুই লগাই দিয়ে।

দুয়োখন ভৰিত বেয়াকৈ অগ্নিদগ্ধ হোৱা ছাত্ৰী গৰাকীক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত গৌৰীসাগৰ আৰক্ষীয়ে প্ৰেমিক ৰিকি দাসক সোধাপোছা অব্যাহত ৰাখিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd