• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত স্থাপন কৰা হ’ব অসম বিশ্ববিদ্যালয় চৌহদ : মুখ্যমন্ত্ৰী

Pankaj Kumar Deb পংকজকুমাৰ দেব
হাফলং , December 21, 2018 6:11 pm

3 min read

CM Sarbananda Sonowal
1.8k
VIEWS
Share on FacebookShare on Twitter

হাফলংৰ লগতে গোটেই ডিমা হাছাও জিলাৰ সামগ্ৰিক উন্নয়নৰ বাৰ্তা বহন কৰি আজি হাফলঙত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ভাষণত আছিল চৰকাৰৰ উন্নয়নৰ খতিয়ান। নতুন ঘোষণা হিচাপে আছিল অকল অসম বিশ্ববিদ্যালয়ৰ হাফলং চৌহদ স্থাপনৰ প্ৰতিশ্ৰুতি। হাফলং ভ্ৰমণত মুখ্যমন্ত্ৰীৰ ভ্ৰমণসঙ্গী আছিল পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু বিজেপি দলৰ মুখপাত্ৰ তথা ডিমা হাছাও বিজেপিৰ প্ৰভাৰী ৰামকৃষ্ণ ঘোষ।

আজি এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাফলঙত উপস্থিত হৈ লালফিল্ডত নৱনিৰ্মিত অৰ্গেনিক মাৰ্কেট শ্বেড মুকলি কৰে। ইয়াৰ পাছত লালফিল্ডত এখন সাংগঠনিক কৰ্মী সভাত অংশ লয়। সাংগঠনিক সভা সামৰি মুখ্যমন্ত্ৰী সোণোৱালে টাউনৰাজিত বিজেপিৰ জিলা কাৰ্যালয় ‘বাজপেয়ী ভবন’ৰ দুৱাৰ মুকলি কৰে।

হাফলঙৰ লালফিল্ডত অনুষ্ঠিত কৰ্মী সভাত ভাষণত মুখ্যমন্ত্ৰী সোনোৱালে তেনে নতুন ঘোষণাৰ বিপৰীতে মোডী চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ উপৰিও নিজৰ চৰকাৰৰ উন্নয়নৰ কথা কয়। তেওঁ কয় যে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পাছত পাহাৰীয়া জিলাৰ প্ৰগতিৰ চকা ঘূৰিবলৈ ধৰে। তেওঁ কয় উমৰাংছুত এচিএছ একাডেমি স্থাপন কৰা হব। আনহাতে ৰাজ্যৰ ১৯ খন জিলাৰ লগতে ডিমা হাছাও জিলাতো নিৰ্মিত হ’ব কেন্সাৰ কেয়াৰ চেন্টাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাৰ্বত্য জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ কথা বিবেচনা কৰি হাফলঙত অসম বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত ল’ব বুলি ঘোষণা কৰে। লগতে তেওঁ উমৰাংছুৰ লংখুকত ৩৫০ মেগাৱাট বিজুলী শক্তি উৎপাদনক্ষম নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম তৰাণ্বিত কৰাৰ কথাও ভাষণত উল্লেখ কৰে।

সভাত বক্তব্য আগবঢ়ায় পাৰ্বত্য পৰিষদৰ চিইএম দেবলাল গাৰ্লছাই। তেওঁ পৰিষদৰ নৰ্মাল কৰ্মচাৰী সকলৰ ১০ মাহৰ দৰমহাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছত তেওঁ কয় ‘ ডিমা হাচাও জিলাত বিজেপি দলৰ উন্নয়নমূলক কাম-কাজ দেখি বিৰোধী ৰাজনৈতিক দল সংগঠনৰ ৰাতিৰ টোপনি নোহোৱা হৈছে। কিয়নো ৰাইজৰ ওচৰত তেওঁলোকৰ যোৱাৰ পথ বন্ধ হৈ পৰিছে। পথ-ঘাটৰ উন্নয়নৰ পৰা পৰিষদৰ কৰ্মচাৰীৰ বাকী থকা দৰমহা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ পকীঘৰ, স্বাস্থ্য বীমা যোজনা, উজালা যোজনা ৰন্ধন গেছ আৰু গাঁৱে গাঁৱে বিদ্যুতৰ যোগান আদি হৈছে বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ উদাহৰণ।

শেষত চিইএম দেবলাল গাৰ্লছাই কয় যে এক হেজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইচ্চ খানক পাৰ্বত্য পৰিষদৰ ফালৰ পৰা ক্লীনশ্বীট দিয়া সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। কিন্তু তেওঁ কয় বিজেপি শাসিত পৰিষদে তেওঁক ক্লীনশ্বীট দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। কিয়নো দূৰ্নীতি কংগ্ৰেছ চৰকাৰৰ আমোলতহে সংঘটিত হৈছিল।

উল্লেখ্য যে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পাৰ্বত্য পৰিষদৰ নিৰ্বাচন বা আন আন বিষয়ক লৈ কোনো বক্তব্য ৰখা মতা নাই মুখ্যমন্ত্ৰী সোণোৱালে। অকল উন্নয়নৰ জয়গানেৰে আবেলি ১-০০ বজাত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ উদ্দেশ্যে যাত্ৰা কৰে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd