• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী : জননেতা ভীমবৰ দেউৰীলৈ মৰণোত্তৰভাৱে ‘বেংমৰা সমন্বয় বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 7:39 pm
ad320646-3f32-4088-aac4-8787e8ed5a4c
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ পুলুঙাস্থিত ত্ৰিনয়নজ্যোতি সংঘৰ প্রাংগনত আয়োজিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮০ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত জননেতা ভীমবৰ দেউৰীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা ‘বেংমৰা সমন্বয় বঁটা’ মুখ্যমন্ত্ৰীয়ে প্রয়াত জননেতাগৰাকীৰ নাতি মনোজ দেউৰীক আনুষ্ঠানিকভাৱে প্রদান কৰে।

Apply Now

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মটক যুৱ ছাত্ৰ সন্মিলনৰ বাৰ্ষিক মুখপত্ৰ ‘বেংমৰা’ আৰু প্রতিষ্ঠা দিৱসৰ স্মৃতিগ্ৰন্থ ‘যুগধ্বনি’ও উন্মোচন কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ অনিৰুদ্ধদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আধ্যাত্মিকভাৱে শক্তিশালী এখন সমাজ নিৰ্মাণৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব।

অসমীয়া জাতি গঠন প্রক্ৰিয়াত মটকসকলৰ শক্তিশালী অৰিহণাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সৰ্বানন্দ সিংহই বেংমৰা ৰাজ্য স্থাপনৰ বাবে যি সংগ্ৰাম কৰিছিল উঠি অহা প্রজম্মই সেই বিষয়ে উপযুক্ত অধ্যয়ন কৰি তাৰ পৰা দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ শিক্ষা গ্ৰহণ কৰা প্রয়োজন।

ভক্তিৰ যোগেদিহে শক্তি সম্ভৱ হয় বুলি মন্তব্য কৰি তেওঁ কয় যে আধ্যাত্মিক চেতনাৰে উজ্জ্বীৱিত হৈ ‘সকলো দিশতে শক্তিশালী এখন সমাজ নিৰ্মাণৰ বাবে মহাপুৰুষ অনিৰুদ্ধদেৱে দেখুৱাই যোৱা আদৰ্শৰে আমি বাট বুলিব লাগিব। সদৌ অসম মটক যুৱ ছাত্র সন্মিলনে প্রতিষ্ঠা কালৰে পৰা জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কাম কৰি অহাৰ লগতে ৰাজ্যখনত এক শক্তিশালী জাতীয় চেতনা গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

থলুৱাৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহলৈ লক্ষাধিক মাটিৰ পট্টা প্রদান, ৰাজ্যৰ আধ্যাত্মিক গ্রতিহ্য ৰক্ষাৰ বাবে অসম দর্শনৰ অধীনত নামঘৰ, মন্দিৰ, দৌল-দেৱালয় আদি ধৰ্মানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাহায্য প্রদান আদি পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এখন বিদেশীমুক্ত, দুৰ্ণীতিমুক্ত, প্রদূষণমুক্ত আৰু সন্ভাসবাদমুক্ত অসম গঢ়াৰ যি প্রতিশ্ৰুতিৰে চৰকাৰখন শাসনলৈ আহিছিল সেই প্রতিশ্ৰুতিসমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰে দিনে-নিশাই কাম কৰি আহিছে।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দণ্ডৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়কসকল ক্ৰমে চক্ৰধৰ গগৈ, তেৰচ গোৱালা, ঋতুপৰ্ণ বৰুৱা আৰু বিনোদ হাজৰিকা, ৰাজ্যিক পৰ্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, অসম হাইডুকাৰ্বন আৰু এনাজী লিমিটেডৰ অধ্যক্ষ পোনাকন বৰুৱা, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত ২০ লাখ টকা ব্যয়ৰে পুলুঙাত ত্ৰিনয়নজ্যোতি সংঘ খেলপথাৰ উন্নীতকৰণৰ আধাৰশিলাও স্থাপন কৰে।

পুলুঙাবাসী ৰাইজৰ ক্ৰীড়াৰ প্রতি থকা আগ্ৰহৰ ভূয়সী প্রশংসা কৰি এই খেলপথাৰখনে অঞ্চলটোত পাৰদশী খেলুৱৈ গঢ়ি তোলাত অৰিহণা যোগাব বুলি তেওঁ আশা প্রকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd