• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম চৰকাৰৰ দায়বদ্ধ পদক্ষেপৰ বাবে ৰাজ্যবাসীৰ মাজত দুর্নীতিৰ বিৰুদ্ধে সজাগতা বৃদ্ধি হৈছে’ : সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সোণোৱাল

সৰ্থেবাৰীৰ ন সত্ৰত ১৪.১৭ কোটি টকাৰ ব্যয়ৰে ৰূপায়ণ কৰা তথা কৰিবলগীয়া প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে সোণোৱালে

by
November 3, 2020 6:53 pm
9
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় য়ে অসম চৰকাৰে দুৰ্ণীতিৰ বিৰুদ্ধে দায়বদ্ধ আৰু দায়িত্ব সহকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজাবাসীৰ মাজত এই সম্পৰ্কে সজাগতা বুদ্ধি হৈছে। আজি বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন সত্ৰত প্রায় ১৪.১৭ কোটি টকাৰ ব্যয়ৰে অসম চৰকাৰে ৰূপায়ণ কৰা তথা ৰূপায়ণ কৰিবলগীয়া প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত বৈঠকত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয়।

উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ২০২০-২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ৫.৩৪ কোটি টকা ব্যয় সাপেক্ষে আল্লাজান নৈৰ গৰাখহনীয়া প্রতিৰোধ কৰি কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ইয়াত দাতিকাধিৰীয়া অঞ্চলসমূহক খহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে হাতত লোৱা এক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।

Apply Now

এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনতে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া বান আৰু গৰাখহনীয়া প্রতিৰোধী আঁচনিসমূহৰ কামৰো শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে ন সত্ৰত ৭.১৮ কোটি টকা ব্যয় সাপেক্ষে আৱাসিক গৃহসহ এখন ৫০খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি মুখ্যমন্ত্ৰী সোণোৱালে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ১.৬৫ কোটি টকা ব্যয়ৰে ন সত্ৰত নিৰ্মাণ কৰা ‘মধুমংগল’ নামৰ দক্ষতা বিকাশ কেন্দ্ৰটোও উদ্বোধন কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে সভাত ভাষণ প্রদান কৰি কয় যে ২০১৬ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত, প্রদূষণমুক্ত আৰু বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি প্রদান কৰি চৰকাৰে বিগত চাৰে চাৰি বছৰে হাতত লোৱা বিভিন্ন পদক্ষেপসমূহ সফলতাৰে ৰূপায়ণ কৰিছে।

বিদেশীমুক্ত অসম গঢ়াৰ বাবে ভাৰত-বাংলা সীমান্ত ছীল কৰাকে ধৰি ভাৰত-বাংলা ভূমি বিবাদ নিষ্পত্তিৰ বাবে প্রধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ আৰু ইজৰাইলী প্রযুক্তিৰে সীমান্তৰ নদীপথত কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি সীমান্ত হীল কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

সেইদৰে ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰ সুৰক্ষাৰ বাবে ‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৮ হাজাৰ নামঘৰ আৰু সত্ৰক আৰ্থিক সাহায্য প্রদান কৰা আৰু ‘ভাষা-সাহিত্য সুৰক্ষাৰ বাবে ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত অসম সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ বাবে কৰ্পাছ ফাণ্ড গঠনৰ দৰে পদক্ষেপ লৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে জাতি ৰক্ষাৰ কাৰণে আত্মনিয়োগ কৰি আহিছে আৰু জাতীয় স্বাৰ্থত যৌথ সহযোগিতাৰ কাম কৰি যাবলৈ ৰাজ্যবাসীক তেওঁ আহ্বান জনায়।

ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত গভীৰভাৱে মনোনিৱেশ কৰি ৰাজ্যখনক আগুৱাই নিবলৈও মুখ্যমন্ত্ৰীয়ে আস্থান জনায়।

তদুপৰি ন-সত্ৰত আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত গুণগত মান যাতে উন্নত হয় সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক বিশেষ গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

‘সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত গৰুৰ চোৰাং বেহাত জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত প্রাণাহুতি দিয়া অসম চৰকাৰৰ বীৰ জোৱান ৰবেন দাসলৈ গভীৰ শদ্ধাঞ্জলি নিবেদন কৰে।

এই সভাত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাও ভাষণ প্রদান কৰে।

এই সভাৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে আজি সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পৰ সৈতে জড়িত কেইবাগৰাকীও শিল্পীৰ সৈতে মত-বিনিময় কৰাৰ লগতে কাঁহ-পিতলৰ সামগ্ৰী নিৰ্মাণ প্রক্ৰিয়াৰ প্রত্যক্ষ বুজ লয়। মুখ্যমন্ত্ৰী সোণোৱালে অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ ৰুলিং মিল পৰিদৰ্শন কৰে।

উল্লেখ্য যে ইতিমধ্যে অসম চৰকাৰে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগৰ উৎকৰ্ষ সাধনৰ বাবে অসম সমবায় কঁহাৰ সংঘ লিমিটেডক ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd