• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনসংযোগ বিভাগক জিলা আৰু মহকুমাৰ স্থানীয় সাংবাদিকেৰে সু-সম্পৰ্ক ৰক্ষা কৰা নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

তথ্যৰ কোনো বন্ধৰ দিন নাথাকে; মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 7:56 am
index.jpgtr
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দিছপুৰ লাষ্টগেটস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ উপৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে।

মত-বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কোভিড-১৯ ৰ সংক্ৰমণৰ জটিল সময়ত বিভাগটোৱে এক অত্যাৱশ্যকীয় বিভাগ হিচাপে জনসাধাৰণক অহৰ্নিশে সজাগ আৰু সচেতন কৰাৰ দিশত লোৱা ভূমিকাৰ শলাগ লয়।

Apply Now

বিভাগটোৰ বিষয়াসকলৰ সৈতে ইয়াৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ বাবে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে জনসংযোগ হ’ল চৰকাৰৰ চকু আৰু কাণৰ লেখীয়া।

বৰ্তমানৰ তথ্য আৰু প্ৰযুক্তিৰ যুগত বিভাগটোৱে সম্পূৰ্ণ পেছাদাৰী মানসিকতাৰে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে প্ৰতিখন জিলা আৰু মহকুমাত থকা সাংবাদিকসকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চৰকাৰী আঁচনি আৰু বা-বাতৰিসমূহৰ বহুল প্ৰচাৰৰ পদক্ষেপ ল’বলৈও বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী আঁচনিসমূহৰ তৃণমূল পৰ্যায়ৰ ৰূপায়ণ তথা উপযুক্ত তথ্য পোৱাৰ দিশত এই সম্পৰ্কই সহায় কৰিব আৰু আঁচনিসমূহ ভালদৰে ৰূপায়ণ কৰাৰ দিশতো এই পদক্ষেপে সহায় কৰিব।

তথ্যৰ কোনো বন্ধৰ দিন নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিভাগটোৱে চৰকাৰৰ তথ্য সমূহৰ সময় সাপেক্ষে সৰবৰাহৰ দিশত দিনে-নিশাই কাম কৰি জনসাধাৰণলৈ সম্পূৰ্ণ পেছাদাৰী মনোভাৱেৰে কাম কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ ল’ব লাগিব কয়।

মুখ্যমন্ত্ৰীয়ে লগতে ছ’চিয়েল মিডিয়াৰ অপপ্ৰয়োগ সম্পৰ্কত জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক তৃণমূল পৰ্যায়ত সজাগ আৰু সচেতন কৰাৰ দিশত বিভাগটোৱে অগ্ৰণী ভূমিকা ল’ব লাগিব বুলিও কয়।

এই পৰ্যালোচনামূলক বৈঠকতে মুখ্যমন্ত্ৰীয়ে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰাৰ উপৰি ভৱিষ্যতৰ কৰ্ম আঁচনিৰ বিষয়েও পৰ্যালোচনা কৰে।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-১৯ বিৰুদ্ধে অসম জনসাধাৰণে দৃঢ়তাৰে যুঁজ দিছে।

এইখিনি সময়ত অসম চৰকাৰেও জনসাধাৰণলৈ উপযুক্ত সেৱা আগবঢ়োৱাৰ যৎপৰোনাস্তি  প্ৰচেষ্টা চলাইছে। অসম চৰকাৰৰ স্বাস্থ্য, গৃহ বিভাগ, পৰিবহন,  জনস্বাস্থ্য কৰিকৰী বিভাগ, আগ্নিনিৰ্বাপন ইত্যাদি বিভাগৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলেও উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

অসমৰ বিভিন্ন জিলা তথা মহকুমাত থকা জনসংযোগৰ কৰ্মকৰ্তাসকলে স্থানীয় সাংবাদিসকলৰ সহযোগত এই সময়ছোৱাত জনসচেতনতামূলক কামত ব্ৰতী হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

চৰকাৰৰ যিমান বা-বাতৰি আছে সেইবোৰ যাতে তৃণমূল পৰ্যায়ৰ জনসাধাৰণে জানিব পাৰে তাৰ বাবে বিভাগৰ কৰ্মকৰ্তাসকলে সক্ৰিয় পদক্ষেপ ল’ব লাগিব।

এই ক্ষেত্ৰত প্ৰতিখন জিলা আৰু মহকুমাৰ স্থানীয় সাংবাদিকসকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চৰকাৰী আঁচনি ৰূপায়ণৰ উপযুক্ত তথা সঠিক তথ্য আহৰণৰ দিশতো জনসংযোগৰ কৰ্মকৰ্তাসকলে নিষ্ঠাৰে কাম কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

আগন্তুক দিনত এই বিভাগটোৱে ৰাজ্যখনৰ ৩ কোটি ৩০ লাখ জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বিভিন্ন তথ্য পৰিৱেশনেৰে এক অগ্ৰণী বিভাগ হিচাপে পৰিগণিত হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd