এক নিৰ্দিষ্ট সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰিব বিশেষ তদন্তকাৰী দলে। এছ আই টিৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যুৰ বহু অজ্ঞাত তথ্য সন্নিবিষ্ট হ’ব। শুকুৰবাৰে এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
নৰ্থইষ্ট ফেষ্টিভেলৰ বাবে কিংবদন্তি শিল্পী জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল। ১৯ ছেপ্টেম্বৰত তাতেই ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুক লৈও তেওঁৰ পৰিয়ালৰ লোকেও প্ৰশ্ন উত্থাপন কৰিছে।
ইয়াৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰে এছ আই টি গঠন কৰিছে। বিভিন্ন অভিযোগৰ ভিত্তিত জুবিনৰ এজন আত্মীয় তথা অসম আৰক্ষীৰ এজন বিষয়াকে ধৰি ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলটোৱে ছিংগাপুৰৰ পৰা শেহতীয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে আৰু ১৭ ডিচেম্বৰৰ ভিতৰতে এই গোচৰৰ বিশদ চাৰ্জ শ্বীট দাখিল কৰিব এছ আই টিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইংগিত দিয়ে যে জুবিনক তাতেই হত্যা কৰা হ’ব পাৰে। তেওঁ কয়, “তেওঁলোকে যি তদন্ত চলাই আছে তাত এছ আই টিয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যি অভিযোগনামা দাখিল কৰা হ’ব, সেইখনে ঘটনাৰ এখন বৃহত্তৰ ছবি দাঙি ধৰিব। আমি সেই বিশদ তথ্য জনসাধাৰণক জনাম। এই অভিযোগনামাত বহু অজ্ঞাত তথ্য প্ৰকাশ পাব।”
তেওঁ লগতে দাবী কৰে যে কেৱল ছ’চিয়েল মিডিয়াত ন্যায়ৰ দাবীয়ে তদন্তত সহায় নকৰে। তদন্তকাৰী বিষয়াসকলে যি কঠোৰ পৰিশ্ৰম কৰি আছে, তাতেই ইয়াৰ ন্যায় বিচাৰ হ’ব। অৱশ্যে ইয়াৰ বাবে অসমবাসীয়ে ধৈৰ্য্য ধৰিব লাগিব বুলিও তেওঁ কয়।
অৱশ্যে মুখ্যমন্ত্ৰীৰ এই বক্তব্যক লৈ আশ্বস্ত নহয় জুবিন অনুৰাগীসকল। জুবিনৰ মৃত্যু ৰহস্যকলৈ অজস্ৰ প্ৰশ্ন উঠি আহিছে। সেই প্ৰশ্নবোৰৰ উত্তৰ পোৱা যাবনে এছআইটিৰ তদন্তত?
তদুপৰি, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা কেইবাজনো ব্যক্তিক এছআইটিয়ে জেৰা নকৰাৰো অভিযোগ উঠিছে। কিয়নো তেওঁলোক ঘটনাৰ সময়ত ছিংগাপুৰত উপস্থিত থকাৰ লগতে ঘটনাৰ ভিডিঅ’ও আনকি ছোৱা ছোৱাকৈ মুকলি কৰিছিল।





