NORTHEAST NOW (Assamese)

আজিৰে পৰা ৰমজান মাহ; কাৰ্যালয়ৰ কৰ্মচাৰীৰ সময়সূচী সলনি

May 7, 2019 12:09 pm · এন ই নাও নিউজ

আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। কেন্দ্ৰীয় হিলাল কমিটীয়ে সোমবাৰে অৰ্থাৎ ৬ মে’ত এই কথা ঘোষণা কৰে। আকাশত জোন দেখি কেন্দ্ৰীয় হিলাল কমিটীয়ে কৰা ঘোষণা অনুসৰি আজি পুৱতি নিশাৰ পৰা ৰমজান মাহৰ শুভাৰম্ভ হৈছে। ত্যাগ আৰু সংযমৰ মাহ হিচাপে পৰিগণিত এই ৰমজান মাহটো উদযাপনৰ বাবে ইছলামধৰ্মী লোকসকলৰ মাজত ব্যাপক উচাহ-উদ্দীপনা পৰিলক্ষিত হয়।

মুখ্য মন্ত্ৰী সোণোৱালে এক বিবৃতি যোগে ৰাজ্যৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰমজানৰ এই আধ্যাত্মিক পৰিৱেশে সকলোকে শান্তি-সম্প্ৰীতিৰে আমাৰ সমাজ জীৱন অধিক শক্তিকশালী কৰাৰ দিশত অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইফালে পৱিত্ৰ ৰমজান মাহ উপলক্ষে আজিৰ পৰা ইছলাম ধৰ্মাৱলম্বী কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়ৰ ছুটীৰ সময় পাঁচ বজাৰ পৰিৱৰ্তে ৪.৩০ বজালৈ হ্ৰাস কৰিছে। উক্ত কৰ্মচাৰীসকলে পুৱা কাৰ্যালয়লৈ অহাৰ সময় পুৱা ৯ বজাত ধাৰ্য কৰিছে।

Related News