• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ শ্ৰীসূৰ্য্য পাহাৰত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , February 9, 2020 6:57 pm

1 min read

CM Sonowal at Jagya

গোৱালপাৰাত মুখ্য মন্ত্ৰী সোণোৱাল।

494
VIEWS
Share on FacebookShare on Twitter

হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি গোৱালপাৰা জিলাৰ  দ্বিতীয় কাশীধাম তথা উত্তৰ-পূব ভাৰতৰ ইলোৰা হিচাবে জনাজাত ঐতিহাসিক শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ পীঠস্থানত অনুষ্ঠিত বিষ্ণুযজ্ঞ মহোৎসৱ আজি শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে আজি সূৰ্য্য পাহাৰত উপস্থিত হৈ  বিষ্ণু পূজা কৰি বিষ্ণুযজ্ঞৰ শুভাৰম্ভ কৰে।

মুখ্য মন্ত্ৰীজনে সূৰ্য্য পাহাৰত গছপুলি ৰোপণ কৰাৰ লগতে ঐতিহাসিক মহাপীঠস্থানখনৰ সমস্যাৰো বুজ লয়। সূৰ্য্য পাহাৰ সংৰক্ষণ আৰু সৌন্দৰ্য্য বৰ্ধনৰ ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে বিষ্ণু যজ্ঞৰ সৈতে অনুষ্ঠিত মহামেলা মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগমত লোকে লোকাৰণ্য হৈ পৰিছে শ্ৰী সূৰ্য্য পাহাৰ।

উল্লেখযোগ্য যে শ্ৰীসূৰ্য পাহাৰৰ লগতে ইয়াৰ পাদদেশত সিঁচৰতি হৈ আছে ১ লাখৰ এটা কম শিৱলিংগ। ৯৯ হাজাৰ ৯শ ৯৯টা শিলত খোদিত শিৱলিংগ থকা বাবেই ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয়।

ইয়াক হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলন ভূমি বুলিও কোৱা হয় ইয়াত থকা এইকেইটা ধৰ্মীয় চিহ্ন বহন কৰা ঐতিহাসিক সমলৰ বাবে।

এই স্থানলৈ গোটেই বছৰটোত দূৰদূৰণিৰ লোকৰ আগমন ঘটে যদিও প্ৰতি বছৰে পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে আয়োজন কৰা বিষ্ণুযজ্ঞ আৰু মহামেলা মহোৎসৱ বিশেষ লক্ষ্য হয় ভক্তসকলৰ বাবে।

এইবাৰ এই যজ্ঞ আৰু মহামেলা মহোৎসৱ ৮ ফেব্ৰুৱাৰিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd