গোৱালপাৰাৰ শ্ৰীসূৰ্য্য পাহাৰত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি গোৱালপাৰা জিলাৰ দ্বিতীয় কাশীধাম তথা উত্তৰ-পূব ভাৰতৰ ইলোৰা হিচাবে জনাজাত ঐতিহাসিক শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ পীঠস্থানত অনুষ্ঠিত বিষ্ণুযজ্ঞ মহোৎসৱ আজি শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সোণোৱালে আজি সূৰ্য্য পাহাৰত উপস্থিত হৈ বিষ্ণু পূজা কৰি বিষ্ণুযজ্ঞৰ শুভাৰম্ভ কৰে।
মুখ্য মন্ত্ৰীজনে সূৰ্য্য পাহাৰত গছপুলি ৰোপণ কৰাৰ লগতে ঐতিহাসিক মহাপীঠস্থানখনৰ সমস্যাৰো বুজ লয়। সূৰ্য্য পাহাৰ সংৰক্ষণ আৰু সৌন্দৰ্য্য বৰ্ধনৰ ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে বিষ্ণু যজ্ঞৰ সৈতে অনুষ্ঠিত মহামেলা মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগমত লোকে লোকাৰণ্য হৈ পৰিছে শ্ৰী সূৰ্য্য পাহাৰ।
উল্লেখযোগ্য যে শ্ৰীসূৰ্য পাহাৰৰ লগতে ইয়াৰ পাদদেশত সিঁচৰতি হৈ আছে ১ লাখৰ এটা কম শিৱলিংগ। ৯৯ হাজাৰ ৯শ ৯৯টা শিলত খোদিত শিৱলিংগ থকা বাবেই ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয়।
ইয়াক হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলন ভূমি বুলিও কোৱা হয় ইয়াত থকা এইকেইটা ধৰ্মীয় চিহ্ন বহন কৰা ঐতিহাসিক সমলৰ বাবে।
এই স্থানলৈ গোটেই বছৰটোত দূৰদূৰণিৰ লোকৰ আগমন ঘটে যদিও প্ৰতি বছৰে পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে আয়োজন কৰা বিষ্ণুযজ্ঞ আৰু মহামেলা মহোৎসৱ বিশেষ লক্ষ্য হয় ভক্তসকলৰ বাবে।
এইবাৰ এই যজ্ঞ আৰু মহামেলা মহোৎসৱ ৮ ফেব্ৰুৱাৰিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।