নাগৰিকত্ব সংশোধনী বিধেয়কক অসমত হোৱা প্ৰৱল প্ৰতিবাদৰ ফলত ৰাজ্যিক বিজেপিয়ে এতিয়া দুই নাৱত দুই ভৰি দিব লগীয়া হৈছে। লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যত চলি থকা বিধেয়ক বিৰোধী ঢৌৱে শংকিত কৰি তুলিছে মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বক।
সেয়ে ২০১৯ত লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এতিয়া পুনৰ আগৰ ৰেকৰ্ডকে বজাবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।
সোমবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰা চহিদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া ভাষণত সেই কথাই প্ৰতিফলিত হ’ল।
নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টোক লৈ ইমান দিনে অসমৰ ৰাইজৰ সন্মুখত নিজৰ মত স্পষ্ট কৰিব নোৱৰা মুখ্য মন্ত্ৰীজনে আজি নিৰ্বাচনৰ অংক আগত ৰাখি আকৌ অবৈধ বিদেশী বহিষ্কাৰৰ বাবে নিজৰ দলৰ সংকল্প প্ৰকাশ কৰে। লগতে মুখ্য মন্ত্ৰীজনে বিদেশীমুক্ত অসম গঢ়াৰ কথাও ক’লে।
“এইখন চৰকাৰে দায়িত্ব লোৱা দিনৰে পৰা চহিদসকলৰ মহান ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ‘অসম চুক্তি’ৰ প্ৰতিটো দফা কাৰ্যকৰী ৰূপ দিয়াৰ বাবে নিষ্ঠাৰে আৰু আন্তৰিকতাৰে চেষ্টা চলাই আহিছো। ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যদি অবৈধ বিদেশীৰ দপদপনি বাহাল থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ বাবে ই ডাঙৰ ভাবুকি। সেইকাৰণে এই অঞ্চলত অবৈধ বিদেশীৰ উপস্থিতি ভাৰতবৰ্ষৰ বাবে শুভলক্ষণ হ’ব নোৱাৰে”, মুখ্য মন্ত্ৰীৰ ভাষণৰ অংশ।
মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰীৰ আজিৰ এই ভাষণ বিজেপিৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে লৈ থকা স্থিতিৰ সম্পূৰ্ণ বিপৰীত। কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক ‘অসম চুক্তি’ৰ পৰিপন্থী আৰু ইয়াৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক অন্যতম বাধা।
গতিকে অসমৰ সৰ্বস্তৰৰ নাগৰিকে তীব্ৰ বিৰোধিতা কৰাৰ পাছতো বিধেয়কখন বাতিল নকৰা দলটোৰ নেতা তথা ৰাজ্যৰ মুখ্য মন্ত্ৰীজনে আজি কৰা মন্তব্য অত্যন্ত হাস্যকৰ বিবেচিত হৈছে। এই মন্তব্য মুখ্য মন্ত্ৰীগৰাকীয়ে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।
অসমৰ মানুহে পাহৰি যোৱা নাই যে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়তো দেশৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেধৰণেই ‘১৬ মে’ৰ (২০১৪ চনৰ ১৬ মে’) পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি মন্তব্য কৰিছিল। সমান্তৰালভাৱে বিজেপিয়ে ‘ভিজন ডকুমেন্ট’তো ‘অসম চুক্তি’ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল।
কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতেই ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱতীৰ্ণ হৈ বিদেশীৰ সংশোধনী নিৰ্দেশনা ২০১৫, পাছপ’ৰ্ট জাননী ২০১৫ আৰু দীৰ্ঘকালীন ভিছা প্ৰৱৰ্তনেৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু পাৰ্চীসকলক বিনা দ্বিধাই ভাৰতত থকাৰ সুবিধা প্ৰদান কৰিলে।
ইয়াৰ পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ জৰিয়তে সেই লোকসকলক ভাৰতত নাগৰিকত্ব লাভৰ বাট মুকলি কৰি দিবলৈ বিজেপি দল আৰু চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। এই আটাইখিনি সিদ্ধান্তই ‘অসম চুক্তি’ উলংঘাকাৰী।
আজিৰ ভাষণতে মুখ্য মন্ত্ৰী সোণোৱালে অসম আন্দোলনৰ প্ৰতি বিজেপিয়ে আগ বঢ়োৱা অৱদানৰ কথা দোহাৰি অসমক সুৰক্ষিত কৰি ৰখা ক্ষেত্ৰত দলটোৰ দায়বদ্ধতাৰ কথা ক’লে। লগতে ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ বাবে বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ কথা দোহাৰিলে। কিন্তু বাস্তৱ ক্ষেত্ৰত বিগত সময়ছোৱাত সেয়া কিমান কাৰ্যকৰী হৈছে?
বিধেয়কখনৰ প্ৰসংগ ননাকৈয়ে আজি মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে, “আমি যি কৰিছো দেখাদেখিকৈয়ে কৰিছো” আৰু লগতে ক’লে “কোনো জাতি-জনগোষ্ঠীৰ লোকে চিন্তা কৰিব নালাগে, কোনো জাতি-জনগোষ্ঠীৰ লোক অসুৰক্ষিত নহয়।”
গতিকে মুখ্য মন্ত্ৰীৰ আজিৰ এই বক্তব্যই বিজেপিৰ দুতলীয়া স্থিতিৰ লগতে পৰা ‘জাতিধ্বংসী’ বিধেয়কৰ প্ৰতি ৰাইজৰ ক্ষোভ দেখি তেওঁ যে পুনৰ পুৰণি ৰেকৰ্ডকে বজাই ২০১৯ৰ নিৰ্বাচনত দলটোক জয়যুক্ত কৰোৱাৰ অংক কৰিছে সেই কথা প্ৰমাণিত হৈছে।