• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে নিৰ্বাচন : বিজেপিৰ চহিদ দিৱসৰ কাৰ্য্যসূচীত মুখ্য মন্ত্ৰীয়ে ক’লে অসম চুক্তি প্ৰতিটো দফা ৰূপায়ণৰ কথা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 10, 2018 9:26 pm
CM_BJP

অসম বিজেপিয়ে হেঙাৰাবাৰীৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰা চহিদ দিৱসত মুখ্য মন্ত্ৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক অসমত হোৱা প্ৰৱল প্ৰতিবাদৰ ফলত ৰাজ্যিক বিজেপিয়ে এতিয়া দুই নাৱত দুই ভৰি দিব লগীয়া হৈছে। লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যত চলি থকা বিধেয়ক বিৰোধী ঢৌৱে শংকিত কৰি তুলিছে মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বক।

সেয়ে ২০১৯ত লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এতিয়া পুনৰ আগৰ ৰেকৰ্ডকে বজাবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।

Apply Now

সোমবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰা চহিদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া ভাষণত সেই কথাই প্ৰতিফলিত হ’ল।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টোক লৈ ইমান দিনে অসমৰ ৰাইজৰ সন্মুখত নিজৰ মত স্পষ্ট কৰিব নোৱৰা মুখ্য মন্ত্ৰীজনে আজি নিৰ্বাচনৰ অংক আগত ৰাখি আকৌ অবৈধ বিদেশী বহিষ্কাৰৰ বাবে নিজৰ দলৰ সংকল্প প্ৰকাশ কৰে। লগতে মুখ্য মন্ত্ৰীজনে বিদেশীমুক্ত অসম গঢ়াৰ কথাও ক’লে।

“এইখন চৰকাৰে দায়িত্ব লোৱা দিনৰে পৰা চহিদসকলৰ মহান ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ‘অসম চুক্তি’ৰ প্ৰতিটো দফা কাৰ্যকৰী ৰূপ দিয়াৰ বাবে নিষ্ঠাৰে আৰু আন্তৰিকতাৰে চেষ্টা চলাই আহিছো। ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যদি অবৈধ বিদেশীৰ দপদপনি বাহাল থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ বাবে ই ডাঙৰ ভাবুকি। সেইকাৰণে এই অঞ্চলত অবৈধ বিদেশীৰ উপস্থিতি ভাৰতবৰ্ষৰ বাবে শুভলক্ষণ হ’ব নোৱাৰে”, মুখ্য মন্ত্ৰীৰ ভাষণৰ অংশ।

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰীৰ আজিৰ এই ভাষণ বিজেপিৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে লৈ থকা স্থিতিৰ সম্পূৰ্ণ বিপৰীত। কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক ‘অসম চুক্তি’ৰ পৰিপন্থী আৰু ইয়াৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক অন্যতম বাধা।

গতিকে অসমৰ সৰ্বস্তৰৰ নাগৰিকে তীব্ৰ বিৰোধিতা কৰাৰ পাছতো বিধেয়কখন বাতিল নকৰা দলটোৰ নেতা তথা ৰাজ্যৰ মুখ্য মন্ত্ৰীজনে আজি কৰা মন্তব্য অত্যন্ত হাস্যকৰ বিবেচিত হৈছে। এই মন্তব্য মুখ্য মন্ত্ৰীগৰাকীয়ে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।

অসমৰ মানুহে পাহৰি যোৱা নাই যে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়তো দেশৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেধৰণেই ‘১৬ মে’ৰ (২০১৪ চনৰ ১৬ মে’) পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি মন্তব্য কৰিছিল। সমান্তৰালভাৱে বিজেপিয়ে ‘ভিজন ডকুমেন্ট’তো ‘অসম চুক্তি’ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতেই ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱতীৰ্ণ হৈ বিদেশীৰ সংশোধনী নিৰ্দেশনা ২০১৫, পাছপ’ৰ্ট জাননী ২০১৫ আৰু দীৰ্ঘকালীন ভিছা প্ৰৱৰ্তনেৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু পাৰ্চীসকলক বিনা দ্বিধাই ভাৰতত থকাৰ সুবিধা প্ৰদান কৰিলে।

ইয়াৰ পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ জৰিয়তে সেই লোকসকলক ভাৰতত নাগৰিকত্ব লাভৰ বাট মুকলি কৰি দিবলৈ বিজেপি দল আৰু চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। এই আটাইখিনি সিদ্ধান্তই ‘অসম চুক্তি’ উলংঘাকাৰী।

আজিৰ ভাষণতে মুখ্য মন্ত্ৰী সোণোৱালে অসম আন্দোলনৰ প্ৰতি বিজেপিয়ে আগ বঢ়োৱা অৱদানৰ কথা দোহাৰি অসমক সুৰক্ষিত কৰি ৰখা ক্ষেত্ৰত দলটোৰ দায়বদ্ধতাৰ কথা ক’লে। লগতে ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ বাবে বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ কথা দোহাৰিলে। কিন্তু বাস্তৱ ক্ষেত্ৰত বিগত সময়ছোৱাত সেয়া কিমান কাৰ্যকৰী হৈছে?

বিধেয়কখনৰ প্ৰসংগ ননাকৈয়ে আজি মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে, “আমি যি কৰিছো দেখাদেখিকৈয়ে কৰিছো” আৰু লগতে ক’লে “কোনো জাতি-জনগোষ্ঠীৰ লোকে চিন্তা কৰিব নালাগে, কোনো জাতি-জনগোষ্ঠীৰ লোক অসুৰক্ষিত নহয়।”

গতিকে মুখ্য মন্ত্ৰীৰ আজিৰ এই বক্তব্যই বিজেপিৰ দুতলীয়া স্থিতিৰ লগতে পৰা ‘জাতিধ্বংসী’ বিধেয়কৰ প্ৰতি ৰাইজৰ ক্ষোভ দেখি তেওঁ যে পুনৰ পুৰণি ৰেকৰ্ডকে বজাই ২০১৯ৰ নিৰ্বাচনত দলটোক জয়যুক্ত কৰোৱাৰ অংক কৰিছে সেই কথা প্ৰমাণিত হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd