• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ দিশত সষ্টম হৈ থকাৰ বাবে জিলা উপায়ুক্তসকলক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 11, 2019 5:47 pm

3 min read

DSC_0470

জিলা উপায়ুক্তসকলৰ সৈতে সোনোৱালৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

379
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পৰা ভিডিঅ’ অনফাৰেন্স যোগে জিলা সমূহৰ উপায়ুক্ত সকলৰ লগতে জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ জেষ্ঠ বিষয়াসকলৰ সৈতে ৰাজ্যত শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোনা কৰাৰ উপৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত উপায়ুক্তসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এই সংক্ৰান্তত পৰ্যালোচনা কৰাৰ সময়ত কয় যে বান প্ৰভাৱিত লোকসকলে উপযুক্ত সেৱা আৰু সঁহাৰি লাভ কৰাটো নিশ্চিত কৰিব লাগিব। মুখ্য মন্ত্ৰীয়ে বান প্ৰভাৱিত জনসাধাৰণক অহৰ্নিশে সেৱা আগবঢ়োৱাৰ দিশত সহায়ক হোৱাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ  বাবেও উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে বান প্ৰভাৱিত এলেকা সমূহত স্থাপন কৰা সাহায্য শিৱিৰ, সাহায্য সামগ্ৰী বিতৰণৰ বিষয়েও বুজ লোৱাৰ উপৰি বানাক্ৰান্ত জিলা কেইখনৰ পশুধনৰ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সম্পৰ্কতো বুজ লয়।

মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত জনসাধাৰণে যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায় সেই সম্পৰ্কতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।সোণোৱালে জিলা উপায়ুক্তসকলক সংশ্লিষ্ট জিলা সমূহত চিকিৎসকৰ অভাৱ থাকিলে স্বাস্থ্য সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰি এই দিশত ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ বাবেও জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চল সমূহৰ পশুধনৰ সঠিক চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত দৃঢ় পদক্ষেপ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে আৰু পশুধন সমূহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱৰ দিশটোৰ প্ৰতি লক্ষ্যৰাখি সোণোৱালে সাহায্য শিৱিৰত কোনো বানাক্ৰান্তৰ জ্বৰ ইত্যাদিৰ লেখীয়া বেমাৰ হ’লে তেওঁলোকৰ তেজৰ নমুনা সাহায্য শিৱিৰৰ পৰাই সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে।

আনহাতে, উদ্ধাৰ অভিযানৰ দিশত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে ল’ব পৰা ক্ষীপ্ৰৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰীয়ে উপায়ুক্ত সকলক এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে বৰ্তমান বাহৰ পাতি থকা সংশ্লিষ্ট জিলা সমূহৰ জিলা প্ৰশাসনৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিবলৈও নিৰ্দেস দিয়ে। মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলত জনসাধাৰণৰ সা-সম্পত্তি সুৰক্ষাৰ নিশ্চিতিকল্পে বানাক্ৰান্ত অঞ্চলসমূহত আৰক্ষী বাহিনীৰ নিয়মীয়া তহলৰ ব্যৱস্থা লোৱাৰ বাবেও আৰক্ষী কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

তদুপৰি, বানপানীৰ সময়ত বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে যাতে কোনো ধৰণৰ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত নহয় সেই দিশত উপযুক্ত পদক্ষেপ লোৱাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে বানপানীৰ ফলত যদিহে কোনো লোকৰ মৃত্যু হয় তেতিয়াহ’লে নিহত হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ তাৎক্ষণিকভাৱে এককালীন সাহায্যৰ ধনৰাশি মোকলাই দিয়াৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক তেওঁ নিৰ্দেশ দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd