NORTHEAST NOW (Assamese)

কোকৰাঝাৰত অনুষ্ঠিত সদৌ অসম সমবায় বিষয়া সন্থাৰ ৪৮ তম দ্বি-বাৰ্ষিক অধিৱেশন

December 11, 2021 2:21 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
Updated: December 11, 2021 4:17 pm

কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত দুই দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম সমবায় বিষয়া সন্থাৰ ৪৮ তম তম দ্বি-বাৰ্ষিক অধিৱেশন ।

কাৰ্যসূচী ক্ৰমে আজি ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম সমবায় বিষয়া সন্থাৰ সভাপতি আতিকুৰ ৰহমানে।

শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাহুল দেৱ গোস্বামী আৰু বডোফা উপেন্দ্ৰ নাথ ব্রহ্মৰ প্ৰতিচ্ছবিত মালৰপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মোছাহাৰীয়ে ।

ইয়াৰ পিছতে সন্থাৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয় ।

দেওবাৰে অনুষ্ঠিত হবলগীয়া মুকলি সভাত কেবিনেট মন্ত্ৰী অতুল বৰা, উৰখাও গৌৰা ব্রহ্ম, বিটিচি প্ৰধান প্ৰমোদ বড়োকে ধৰি বহুকৈজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণৰ কথা ।

Related News