NORTHEAST NOW (Assamese)

আহমেদাবাদৰ কনচাৰ্টৰ পূৰ্বেই আইনী জাননী লাভ কৰিলে ‘কল্ডপ্লে’-এঃ কিন্তু কিয়?

January 5, 2025 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৫ চনৰ ২৫ আৰু ২৬ জানুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া কনচাৰ্টৰ পূৰ্বে গুজৰাটৰ জিলা শিশু সুৰক্ষা ইউনিটে ব্ৰিটিছ ৰক বেণ্ড কল্ডপ্লেলৈ জাননী জাৰি কৰিছে।

কোনো শিশুৱে ইয়াৰপ্লাগ অবিহনে সভাস্থলীত প্ৰৱেশ কৰাটো নিশ্চিত কৰিবলৈ আয়োজকসকলক নিৰ্দেশ দিয়া হৈছে। ইউনিটে জোৰ দি কয় যে ১২০ ডেচিবেলতকৈ অধিক শব্দৰ মাত্ৰাই শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, আৰু মানি নললে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চণ্ডীগড়ৰ এজন বাসিন্দাই দাখিল কৰা এজাহাৰৰ পছতে এই জাননী প্ৰদান কৰা হৈছে

ইয়াৰ পূৰ্বে কল্ডপ্লেই ২০২৫ চনৰ ১৮, ১৯ আৰু ২১ জানুৱাৰীত মুম্বাইত শ্বঘোষণা কৰিছিল।লিড কণ্ঠশিল্পী ক্ৰীছ মাৰ্টিন, গীটাৰিষ্ট জনী বাকলেণ্ড, বেছিষ্ট গাই বেৰীমেন, আৰু ড্ৰামবাদক উইল চেম্পিয়নেৰে গঠিত এই বেণ্ডটোৱে শেষবাৰৰ বাবে ২০১৬ চনত মুম্বাইতো অনুষ্ঠিত হোৱা গ্লবেল চিটিজেন ফেষ্টিভেলত প্ৰদৰ্শন কৰিছিল

Related News