যোৱা বুধবাৰে অৰ্থাৎ ৭ জানুৱাৰী, ২০২৬ তাৰিখে দেশৰ উচ্চতম ন্যায়ালয়ে জনপ্ৰিয় লোকগায়িকা নেহা সিং ৰাথোৰক এক ডাঙৰ সকাহ প্ৰদান কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত কৰা এটা বিতৰ্কিত পোষ্টক কেন্দ্ৰ কৰি গায়িকাৰগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰত ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত বৰ্তমান গায়িকাগৰাকীক আৰক্ষীয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে নেহা সিং ৰাথোৰে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল, য’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ মন্তব্য কৰা বুলি অভিযোগ উঠিছিল। এই পোষ্টটোৰ বাবেই তেওঁৰ বিৰুদ্ধে ধৰ্মীয় আৱেগত আঘাত সনা আৰু দেশৰ ঐক্য বিঘ্নিত কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত এখন এজাহাৰ দাখিল কৰা হৈছিল।
ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চন্দুৰকাৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উত্তৰ প্ৰদেশ চৰকাৰ আৰু অভিযোগকাৰীলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে স্পষ্টকৈ জনাই দিছে যে গায়িকাগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি পদক্ষেপ ল’ব নোৱাৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে নেহা সিং ৰাথোৰক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ আৰু আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছে।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৫ ডিচেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে নেহা সিং ৰাথোৰৰ আগতীয়া জামিন আবেদন নাকচ কৰিছিল। সেই সময়ত ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল যে তদন্তত গায়িকাগৰাকীয়ে সহযোগ কৰা নাই। যোৱা ২৭ এপ্ৰিলত লক্ষ্ণৌৰ হজৰতগঞ্জ থানাত তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছিল। অভিযোগকাৰী অভয় প্ৰতাপ সিঙৰ মতে, নেহাই ধৰ্মীয় ভিত্তিত এটা সম্প্ৰদায়ক আনটোৰ বিৰুদ্ধে উচটনি দি দেশৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল।





