• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Bangladesh Communal violence A to Z : সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত বাংলাদেশত এতিয়ালৈকে ক’ত কি ঘটিল?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 18, 2021 9:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দশমীৰ দিনা বাংলাদেশত ইস্কন মন্দিৰকে ধৰি কেইবা ঠাইতো মৌলবাদীয়ে দুৰ্গা পূজাৰ মণ্ডপত চলোৱা আক্ৰমণৰ পিছতে দেশ খনৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠিছে।

দেশ খনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে। এতিয়ালৈকে এই সংঘৰ্ষত ৭ জন লোক নিহত হোৱাৰ খবৰ আহিছে।

Apply Now

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই শীঘ্ৰে দেশ খনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হ’ব বুলি ঘোষণা কৰিছে যদিও এতিয়াও বহু ঠাইৰ পৰা সংঘৰ্ষৰ বাতৰি আহি আছে।

এই ঘটনাৰ সৈতে ইছলামিক সন্ত্ৰাসবাদী সংগঠন জৰিত থকাৰ সন্দেহ কৰা হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ওপৰতো মৌলবাদীয়ে জঁপিয়াই পৰিছে। মৌলবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈছে ঢাকা আৰক্ষীৰ উপ আয়ুক্ত ছাজ্জাদ হুছেইনকে ধৰি আন বহু আৰক্ষীৰ লোক।

ঢাকাত মৌলবাদীসকলে আজি সমৱেত হৈ ভাৰত বিৰোধী ধ্বনি দিয়ে।

মৌলবাদীসকলে আনকি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক ভাৰতৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰা বুলিও অভিযোগ কৰে। ঢাকাৰ মূল মছজিদৰ বাহিৰত প্ৰায় ১০ হাজাৰ মৌলবাদীয়ে সমৱেত হৈ আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।

বাংলাদেশৰ ৰংপুৰ জিলাৰ পীৰগঞ্জত বহু হিন্দু লোকৰ ঘৰ মৌলবাদীয়ে জ্বলাই দিছে।

২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা ২০২১ চনৰ ছেপ্তেম্বৰ মাহ পৰ্যন্ত বাংলাদেশৰ হিন্দুৰ ওপৰত ৩,৬৭৯ টা আক্ৰমণৰ ঘটনা ঘটিছে।

এই সময়ছোৱাত হিন্দু লোকৰ ৫৫৯ টা ঘৰ আৰু ৪৪২ খন দোকান জ্বলাই দিয়া হৈছে। মৌলবাদীয়ে আনকি বহু হিন্দু মহিলা-যুৱতীক ধৰ্ষণ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখ্য বিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত আক্ৰমণ চলাইছিল মৌলবাদীয়ে। বাংলাদেশৰ নোৱাখালিত থকা ইস্কন মন্দিৰত দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলাইছিল।

ইস্কনৰ ফালৰ পৰা মন্দিৰৰ কিছুমান সা-সামগ্ৰী জ্বলাই দিয়াৰ অভিযোগ কৰা হৈছিল। তদুপৰি, মন্দিৰত থকা ভক্তক প্ৰহাৰ কৰা বুলিও অভিযোগ কৰা হৈছিল।

নোৱাখালিৰ চৌমুহনীত প্ৰায় ২০০জন দুস্কৃতিকাৰীৰ এটা দলে মন্দিৰত আক্ৰমণ চলায়। দেশখনৰ ক্ষমতাত থকা আৱামী লীগৰ নেতাই এই আক্ৰমণৰ নেতৃত্ব দিয়া বুলি কোৱা হৈছে।

আক্ৰমণৰ ঘটনাত পাৰ্থ দাস নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অসমৰ্থিত সূত্ৰৰ মতে নিহতৰ সংখ্যা চাৰিজন।

আনহাতে, বাংলাদেশৰ বিভিন্ন স্থানত মন্দিৰ তথা মণ্ডপত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চট্টগ্ৰামত বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য পৰিষদে ধৰ্মঘটৰ আহ্বান জনাইছিল।

ইস্কনৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছিল,’’ বাংলাদেশৰ নোৱাখালিত ইছকন মন্দিৰ তথা ভক্তৰ ওপৰত এক হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হয়।

আক্ৰমণৰ ফলত মন্দিৰৰ ক্ষতি হোৱাৰ লগতে এজন ভক্তক নৃশংসভাৱে হত্যা কৰা হৈছে।‘’
উল্লেখযোগ্য যে অষ্টমীৰ দিনাও কুমিল্লাৰ বহু পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

কুমিল্লাৰ ঘটনাত বহুকেইজনক আটক কৰা হৈছে। দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।

আজি হিন্দু লোকক আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জৰিত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিলা সমূহত সাম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি হাই এলাৰ্ট ঘোষণা কৰা হৈছে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱেও ৰাজ্য খনৰ আৰক্ষীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে।

ইপিনে আজি কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বৈ যোৱা কুছিয়াৰৰ নদীৰ পাৰত উপস্থিত হৈ শ শ ভাৰতীয় হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে মাইকেৰে বাংলাদেশৰ মৌলবাদীক সংয়ত হ’বলৈ কঠোৰ সকিয়নী দিয়ে।

নৈ খনৰ সিটো পাৰেই বাংলাদেশ অৱস্থিত। ভাৰতৰ দিশৰ পৰা যোৱা এনে সতৰ্কবাণী সিপাৰত থকা বহু বাংলাদেশী লোকে শুনি থকা পৰিলক্ষিত হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd