• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি কিমান দায়বদ্ধ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ?

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 20, 2018 8:50 pm

4 min read

20171031_094411

প্ৰতিনিধিত্বমূলক ফটো

374
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰপত্তাৰ উদ্দেশ্যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় সমুহত দুৰ্যোগৰ সময়ত ল’বলগীয়া সাবধানতা সম্পৰ্কে অনুশীলন চলাই থাকে। কিন্তু কেৱল অনুশীলন বা ‘ম’ক ড্ৰীল’তে সীমাবদ্ধ নেকি দুৰ্যোগ ৱ্যৱস্থা প্ৰাধিকৰণৰ কাৰ্যপন্থা?

ভূমিকম্প, বানপানী, অগ্নিকাণ্ড, ভূমিস্খলনকে ধৰি বিভিন্ন দুৰ্যোগৰ বাবে স্পৰ্শকাতৰ হিচাপে চিহ্নিত গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমুহৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে বাবে কি ব্যৱস্থা ল’লে বিভাগটোৱে?

অসম ৰাজ্যিক দুৰ্যোগ ৱ্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে গুৱাহাটীৰ পাঁচ শতাধিক বিভিন্ন দুৰ্যোগপ্ৰৱণ বিদ্যালয়ত চলোৱা অধ্যয়নত পোহৰলৈ অহা বিভিন্ন আঁসোৱাহ দূৰ কৰাৰ ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ৱ্যৱস্থাপনা প্ৰাধিকৰণে লোৱা পদক্ষেপক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিভিন্ন স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও সেইয়া বাস্তৱত কিমান কাৰ্যকৰী হৈছে তাৰ কোনো নিশ্চিত তথ্য নাই জিলা প্ৰশাসনৰ হাতত।

প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগতে গুৱাহাটী মহানগৰীত অলিয়ে গলিয়ে গঢ় লৈ উঠা একাংশ শিক্ষানুষ্ঠানে ‘দুৰ্যোগ ব্যৱস্থাপনা আইন ২০১৫’ উলংঘা কৰি ব্যৱসায় চলাই থকা দেখা গৈছে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ দৰে ঘটনাও সংঘটিত হৈছে।

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই সম্পৰ্কে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুত বিকাশ ভাগৱতী আৰু প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰে কৰা মন্তব্যত প্ৰকাশ পাইছে এই কথা।

উল্লেখ্য যে, ২০১৪ চনতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ জয়ন্ত পাঠক, ড০ মৃণাল কুমাৰ বৰা আৰু ড০ দিগন্ত গোস্বামীক গুৱাহাটীৰ বিদ্যালয় আৰু চিকিৎসালয় সমুহৰ ভূমিকম্প, বতাহ, বানপানী আৰু অগ্নিৰ ক্ষেত্ৰত স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা সম্পৰ্কে অধ্যয়নৰ দায়িত্ব দিছিল।

অধ্যাপক কেইগৰাকীয়ে এই অধ্যয়ন চলাই প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত মহানগৰীৰ পাঁচ শতাধিক বিদ্যালয়ৰ ক’ত কেনেধৰণৰ প্ৰশমন বা নিবাৰণ ব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন আছে সেই তথ্য প্ৰকাশ পাইছিল।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিভিন্ন বিদ্যালয়ত থকা স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ অনুসৰি বিদ্যালয় সমুহৰ এনে আঁসোৱাহ কিমান দূৰ হ’ল তাৰ কোনো অধ্যয়ন নহ’ল।

এই সন্দৰ্ভত জিলা প্ৰশাসনৰ ফালৰ পৰা বিভাগটোৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰে কয়, ‘আঁসোৱাহ কিমানখিনি দূৰ হৈছে তাৰ অধ্যয়ন এতিয়ালৈ হোৱা নাই আৰু আমাক এই অধ্যয়ন কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা কোনো নিৰ্দেশ দিয়া নাই’।

তেওঁ লগতে বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুশীলন চলাই থাকে বুলিও মন্তব্য কৰে।

সংবাদমেলত বিভাগটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুত বিকাশ ভাগৱতীয়ে এই অধ্যয়নত চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰে বিদ্যায়লৰ আঁসোৱাহ ধৰা পৰিছে যদিও চৰকাৰী বিদ্যায়লত থকা আঁসোৱাহ দূৰ কৰাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰোতে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমুহক এই আঁসোৱাহ দূৰ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ পাছত এই নিৰ্দেশনা কিমান কাৰ্যকৰী হৈছে তাৰ কোনো তথ্য প্ৰকাশ কৰিব পৰা নাই জিলা প্ৰশাসনে। লগতে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ প্ৰতিও কোনো ব্যৱস্থা গ্ৰহণ কৰা বুলিও সংবাদমেলত ক’ব নোৱাৰিলে বিষয়া কেইগৰাকীয়ে।

অৱশ্যে এই সংবাদমেলত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ড০ বিজয়া চৌধুৰীয়ে সাংবাদিকৰ সন্মুখতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰকল্প বিষয়াক নিৰ্দেশ দিয়ে। তেওঁ লগতে কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে জনসংযোগৰ জৰিয়তে সংবাদ মাধ্যমক অৱগত কৰিব বুলিও জানিবলৈ দিয়ে।

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd