• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি কিমান দায়বদ্ধ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 20, 2018 8:13 pm
20171031_094411

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰপত্তাৰ উদ্দেশ্যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় সমুহত দুৰ্যোগৰ সময়ত ল’বলগীয়া সাবধানতা সম্পৰ্কে অনুশীলন চলাই থাকে। কিন্তু কেৱল অনুশীলন বা ‘ম’ক ড্ৰীল’তে সীমাবদ্ধ নেকি দুৰ্যোগ ৱ্যৱস্থা প্ৰাধিকৰণৰ কাৰ্যপন্থা?

ভূমিকম্প, বানপানী, অগ্নিকাণ্ড, ভূমিস্খলনকে ধৰি বিভিন্ন দুৰ্যোগৰ বাবে স্পৰ্শকাতৰ হিচাপে চিহ্নিত গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমুহৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে বাবে কি ব্যৱস্থা ল’লে বিভাগটোৱে?

Apply Now

অসম ৰাজ্যিক দুৰ্যোগ ৱ্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে গুৱাহাটীৰ পাঁচ শতাধিক বিভিন্ন দুৰ্যোগপ্ৰৱণ বিদ্যালয়ত চলোৱা অধ্যয়নত পোহৰলৈ অহা বিভিন্ন আঁসোৱাহ দূৰ কৰাৰ ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ৱ্যৱস্থাপনা প্ৰাধিকৰণে লোৱা পদক্ষেপক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিভিন্ন স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও সেইয়া বাস্তৱত কিমান কাৰ্যকৰী হৈছে তাৰ কোনো নিশ্চিত তথ্য নাই জিলা প্ৰশাসনৰ হাতত।

প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগতে গুৱাহাটী মহানগৰীত অলিয়ে গলিয়ে গঢ় লৈ উঠা একাংশ শিক্ষানুষ্ঠানে ‘দুৰ্যোগ ব্যৱস্থাপনা আইন ২০১৫’ উলংঘা কৰি ব্যৱসায় চলাই থকা দেখা গৈছে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ দৰে ঘটনাও সংঘটিত হৈছে।

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই সম্পৰ্কে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুত বিকাশ ভাগৱতী আৰু প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰে কৰা মন্তব্যত প্ৰকাশ পাইছে এই কথা।

উল্লেখ্য যে, ২০১৪ চনতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ জয়ন্ত পাঠক, ড০ মৃণাল কুমাৰ বৰা আৰু ড০ দিগন্ত গোস্বামীক গুৱাহাটীৰ বিদ্যালয় আৰু চিকিৎসালয় সমুহৰ ভূমিকম্প, বতাহ, বানপানী আৰু অগ্নিৰ ক্ষেত্ৰত স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা সম্পৰ্কে অধ্যয়নৰ দায়িত্ব দিছিল।

অধ্যাপক কেইগৰাকীয়ে এই অধ্যয়ন চলাই প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত মহানগৰীৰ পাঁচ শতাধিক বিদ্যালয়ৰ ক’ত কেনেধৰণৰ প্ৰশমন বা নিবাৰণ ব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন আছে সেই তথ্য প্ৰকাশ পাইছিল।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিভিন্ন বিদ্যালয়ত থকা স্থাৱৰ আৰু অস্থাৱৰ স্পৰ্শকাতৰতা দূৰ কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ অনুসৰি বিদ্যালয় সমুহৰ এনে আঁসোৱাহ কিমান দূৰ হ’ল তাৰ কোনো অধ্যয়ন নহ’ল।

এই সন্দৰ্ভত জিলা প্ৰশাসনৰ ফালৰ পৰা বিভাগটোৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰে কয়, ‘আঁসোৱাহ কিমানখিনি দূৰ হৈছে তাৰ অধ্যয়ন এতিয়ালৈ হোৱা নাই আৰু আমাক এই অধ্যয়ন কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা কোনো নিৰ্দেশ দিয়া নাই’।

তেওঁ লগতে বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুশীলন চলাই থাকে বুলিও মন্তব্য কৰে।

সংবাদমেলত বিভাগটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুত বিকাশ ভাগৱতীয়ে এই অধ্যয়নত চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰে বিদ্যায়লৰ আঁসোৱাহ ধৰা পৰিছে যদিও চৰকাৰী বিদ্যায়লত থকা আঁসোৱাহ দূৰ কৰাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰোতে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমুহক এই আঁসোৱাহ দূৰ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ পাছত এই নিৰ্দেশনা কিমান কাৰ্যকৰী হৈছে তাৰ কোনো তথ্য প্ৰকাশ কৰিব পৰা নাই জিলা প্ৰশাসনে। লগতে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ প্ৰতিও কোনো ব্যৱস্থা গ্ৰহণ কৰা বুলিও সংবাদমেলত ক’ব নোৱাৰিলে বিষয়া কেইগৰাকীয়ে।

অৱশ্যে এই সংবাদমেলত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ড০ বিজয়া চৌধুৰীয়ে সাংবাদিকৰ সন্মুখতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰকল্প বিষয়াক নিৰ্দেশ দিয়ে। তেওঁ লগতে কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে জনসংযোগৰ জৰিয়তে সংবাদ মাধ্যমক অৱগত কৰিব বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd