কংগ্ৰেছে মোৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰি প্ৰকৃত বিষয়সমূহৰ আঁতৰি যাব বিচাৰিছে: হিমন্ত

Himanta-Biswa-Sarma-5-750x375-1

উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয়কলৈ কৰা মন্তব্যই দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে কংগ্ৰেছে তেওঁৰ বক্তব্যৰ “ভুল ব্যাখ্যা” কৰিছে আৰু তেওঁ উত্থাপন কৰা “প্ৰকৃত প্ৰশ্নৰ পৰা বিচ্যুত” হ’ব বিচাৰিছে।

হিমন্ত বিশ্বই কয়—’মই কিছুমান প্ৰশ্ন উত্থাপন কৰিছিলো – ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত ভাৰতীয় সেনাক প্ৰশংসা কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে সৈনিকসকলক কিয় প্ৰশ্ন কৰিছিল? কংগ্ৰেছে জীয়াই থাকোতে জেনেৰেল বিপিন ৰাৱটক কিয় দুৰ্ব্যৱহাৰ কৰিছিল? কংগ্ৰেছ দলে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পৰা পলাই যাব নোৱাৰে। দেশবাসীক দলটোৱে এই প্ৰশ্নবোৰৰ উত্তৰ দিবই লাগিব’।

শুকুৰবাৰে উত্তৰাখণ্ডত এক নিৰ্বাচনী জনসভাত শৰ্মাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল।

তেওঁ ৰাহুল ৰাজীৱ গান্ধীৰ পুত্ৰ নে নহয় তাৰ প্ৰমাণ আমি কেতিয়াবা আপোনাক বিচাৰিছিলোঁ নেকি বুলিও কৈছিল।

হিমন্ত বিশ্বৰ এনে মন্তব্যৰ পিছতে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওকে ধৰি কংগ্ৰেছৰ নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।মহাৰাষ্ট্ৰত আনকি হিমন্ত বিশ্বৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছে।