NORTHEAST NOW (Assamese)

অসমত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ ‘ষ্টাৰ কেম্পেইনাৰ’ ৰাহুল,ছোনিয়া, মনমোহন, প্ৰিয়ংকা

March 26, 2019 10:15 am · এন ই নাও নিউজ

লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰি তুলিছে। অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে কংগ্ৰেছেও ইয়াৰ ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰিছে।

অসমত অহা ১১ এপ্ৰিল, ১২ এপ্ৰিল আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ কংগ্ৰেছে ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকাত প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা, গোলাম নবী আজাদ, আহমেদ পেটেল, আনন্দ শৰ্মা, তৰুণ গগৈ, হৰিশ ৰাৱাট আৰু ৰিপুন বৰাৰ নাম।

অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

তদুপৰি, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাষ্ট্ৰীয় যুৱ নেতা শচীন পাইলট, জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধু, মহম্মদ আজাহাৰুদ্দিনেও অসমত দলটোৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে যুগুত কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মন, মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা, মণিপুৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওক্ৰাম ইব’বি সিঙৰ নাম।

কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰসকলে অসমৰ ক’ত কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ বিতং কাৰ্যসূচী অৱশ্যে দলটোৱে এতিয়াও প্ৰকাশ কৰা নাই। দুই এদিনৰ ভিতৰতে এই সন্দৰ্ভত সৱিশেষ প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ উপৰি অসমত শাসনাধীষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কামকাজৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইচ্ছ্যুসমূহ ষ্টাৰ কেম্পেইনাৰসকলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত দাঙি ধৰি ৰাইজক দলটোৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা চলোৱাৰ সম্ভাৱনা আছে।

Related News