টীয়কত শাসকীয় বিজেপি দলে পঞ্চায়তে পঞ্চায়তে ব্যাপক সাংগঠনিক সভা অনুষ্ঠিত কৰি নিজ দলৰ শক্তি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ আজি সোমবাৰে কংগ্ৰেছ দলেও শক্তি প্ৰদৰ্শন কৰি একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজালে টীয়ক সমষ্টিত।
সভাত নিখিল ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে।
উজনিৰ পৰা যোৰহাট অভিমুখে অহা কংগ্ৰেছৰ এই নেতৃত্বক টীয়ক নগৰাস্থিত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত যুবনেত্ৰী পল্লবী শইকীয়া গগৈৰ নেতৃত্বত উষ্ম আদৰণি জনায়।
অনুষ্ঠানত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ সন্মুখত দলটোৰ নেতৃত্বই আগন্তুক নিৰ্বাচনত বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ সংকল্প গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।
ইয়াৰ উপৰি অহা নিৰ্বাচনত বিজেপিৰ মিথ্যাচাৰ অসমৰ ৰাইজে অনুধাৱন কৰি পুনৰ শাসনৰ বাঘজৰী কংগ্ৰেছৰ হাততে তুলি দিব বুলি আশা প্ৰকাশ কৰি সকলোকে ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাম কৰি যাবলৈ আহ্বান জনায়।