NORTHEAST NOW (Assamese)

জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ধৃষ্টতা : গায়ক, আৰ এছ এছৰ অনুসৰণকাৰীকহে হেনো দিয়া হৈছে ভাৰত ৰত্ন

January 27, 2019 10:42 am · এন ই নাও নিউজ

অসমীয়াৰ স্বাভিমানক আঘাত হানি এইবাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছী নেতাই ড০ ভূপেন হাজৰিকাক এগৰাকী সাধাৰণ গায়ক হিচাপে অভিহিত কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰা বিষয়ত মন্তৱ্য কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা কৰ্ণাটকৰ গুলবাৰ্গাৰ লোকসভাৰ সমষ্টিৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে কেন্দ্ৰীয় চৰকাৰে নানাজী দেশমুখ, ভূপেন হাজৰিকা আৰু প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদান কৰা বিষয়টো উল্লেখ কৰি কয় যে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান টুমাকুৰুৰ ছিদ্দাগংগা মঠৰ লিংগায়ত গুৰু প্ৰয়াত শিৱকুমাৰ স্বামীজীক প্ৰদান নকৰাৰ বাবে তেওঁলোকৰ দলটো অসন্তুষ্ট।

কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ভাৰতীয় জনসংঘৰ আদৰ্শবাহী নানাজী দেশমুখ, প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন হাজৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদানৰ কথা ঘোষণা কৰিছিল।

খাৰ্গেই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’ প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে, মই আদৰণি জনাইছো। কিন্তু শিৱকুমাৰ স্বামীজীয়ে শিক্ষা খণ্ডৰ বাবে বিশাল বৰঙণি যোগাইছে আৰু অনাথ শিশুৰ বাবে গোটেই জীৱন কাম কৰাৰ লগতে তেওঁলোকক বিদ্যালয়লৈ পঠিয়াইছে। তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত আছিল। আমি এইটো আশা কৰিছিলো।‘’

উল্লেখযোগ্য যে ১১১ বছৰীয়া লিংগায়ত গুৰু শিৱকুমাৰ স্বামীজীৰ যোৱা ২১ জানুৱাৰিত পৰলোকপ্ৰাপ্তি ঘটে।

এইখিনিলৈকে ঠিকেই আছিল। কিন্তু খাৰ্গে ইয়াৰ পাছতে মন্তৱ্য কৰে,‘’চৰকাৰে তেওঁৰ কৰ্মৰাজি  চাব লাগছিল। ইয়াৰ পাছতো বিজেপিয়ে তেওঁক বঁটাটো নিদিলে। এইয়া দুৰ্ভাগ্যজনক। এগৰাকী গায়ক (ভূপেন হাজৰিকা) আৰু তেওঁলোকৰ আৰ এছ এছৰ আদৰ্শ প্ৰচাৰ কৰা ব্যক্তি (নানাজী দেশমুখ)ক বঁটাটো দিয়া হ’ল। তেওঁলোক সকলোকে তুলনা কৰিলে শিৱকুমাৰ স্বামীজীক বঁটাটো দিব লাগিছিল।‘’

কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই এইদৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক এগৰাকী সাধাৰণ গায়ক হিচাপে অভিহিত কৰাটোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱকুমাৰ স্বামীজীৰ দৰে সমাজ সেৱকৰ প্ৰতি সন্মান জনাইয়ো ক’ব পাৰি যে এই দেশে ভূপেন হাজৰিকাৰ দৰে এক প্ৰতিভাক জন্ম দিয়াৰ বাবে ধন্য হৈছে।

খাৰ্গেৰ ভূপেন হাজৰিকা সম্পৰ্কে সম্যক জ্ঞান নোহোৱাৰ বাবেই এনেধৰণে মন্তৱ্য কৰিব পাৰিছে বুলিও সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Related News