• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ধৃষ্টতা : গায়ক, আৰ এছ এছৰ অনুসৰণকাৰীকহে হেনো দিয়া হৈছে ভাৰত ৰত্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2019 10:42 am

2 min read

bhupen vs mallikarjun
1.4k
VIEWS
Share on FacebookShare on Twitter

অসমীয়াৰ স্বাভিমানক আঘাত হানি এইবাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছী নেতাই ড০ ভূপেন হাজৰিকাক এগৰাকী সাধাৰণ গায়ক হিচাপে অভিহিত কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰা বিষয়ত মন্তৱ্য কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা কৰ্ণাটকৰ গুলবাৰ্গাৰ লোকসভাৰ সমষ্টিৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে কেন্দ্ৰীয় চৰকাৰে নানাজী দেশমুখ, ভূপেন হাজৰিকা আৰু প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদান কৰা বিষয়টো উল্লেখ কৰি কয় যে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান টুমাকুৰুৰ ছিদ্দাগংগা মঠৰ লিংগায়ত গুৰু প্ৰয়াত শিৱকুমাৰ স্বামীজীক প্ৰদান নকৰাৰ বাবে তেওঁলোকৰ দলটো অসন্তুষ্ট।

কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ভাৰতীয় জনসংঘৰ আদৰ্শবাহী নানাজী দেশমুখ, প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন হাজৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদানৰ কথা ঘোষণা কৰিছিল।

খাৰ্গেই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’ প্ৰনব মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে, মই আদৰণি জনাইছো। কিন্তু শিৱকুমাৰ স্বামীজীয়ে শিক্ষা খণ্ডৰ বাবে বিশাল বৰঙণি যোগাইছে আৰু অনাথ শিশুৰ বাবে গোটেই জীৱন কাম কৰাৰ লগতে তেওঁলোকক বিদ্যালয়লৈ পঠিয়াইছে। তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত আছিল। আমি এইটো আশা কৰিছিলো।‘’

উল্লেখযোগ্য যে ১১১ বছৰীয়া লিংগায়ত গুৰু শিৱকুমাৰ স্বামীজীৰ যোৱা ২১ জানুৱাৰিত পৰলোকপ্ৰাপ্তি ঘটে।

এইখিনিলৈকে ঠিকেই আছিল। কিন্তু খাৰ্গে ইয়াৰ পাছতে মন্তৱ্য কৰে,‘’চৰকাৰে তেওঁৰ কৰ্মৰাজি  চাব লাগছিল। ইয়াৰ পাছতো বিজেপিয়ে তেওঁক বঁটাটো নিদিলে। এইয়া দুৰ্ভাগ্যজনক। এগৰাকী গায়ক (ভূপেন হাজৰিকা) আৰু তেওঁলোকৰ আৰ এছ এছৰ আদৰ্শ প্ৰচাৰ কৰা ব্যক্তি (নানাজী দেশমুখ)ক বঁটাটো দিয়া হ’ল। তেওঁলোক সকলোকে তুলনা কৰিলে শিৱকুমাৰ স্বামীজীক বঁটাটো দিব লাগিছিল।‘’

কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই এইদৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক এগৰাকী সাধাৰণ গায়ক হিচাপে অভিহিত কৰাটোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱকুমাৰ স্বামীজীৰ দৰে সমাজ সেৱকৰ প্ৰতি সন্মান জনাইয়ো ক’ব পাৰি যে এই দেশে ভূপেন হাজৰিকাৰ দৰে এক প্ৰতিভাক জন্ম দিয়াৰ বাবে ধন্য হৈছে।

খাৰ্গেৰ ভূপেন হাজৰিকা সম্পৰ্কে সম্যক জ্ঞান নোহোৱাৰ বাবেই এনেধৰণে মন্তৱ্য কৰিব পাৰিছে বুলিও সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Recent News

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd