নগাঁওত কংগ্ৰেছ এৰি অগপত যোগদান কংগ্ৰেছ নেতা নজৰুল ইছলামৰ

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ মাজতো দলীয় বিভাজন স্পষ্টৰূপত দেখা দিছে। শুকুৰবাৰে নগাঁওত প্ৰাক্তন কংগ্ৰেছ নেতা নজৰুল ইছলামে অসম গণ পৰিষদত যোগদান কৰে।

নগাঁওৰ জুৰীয়াত অনুষ্ঠিত অগপৰ এখন কৰ্মীসভাত সমৰ্থক সহ অগপত যোগদান কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ইছলাম অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ লগতে প্ৰাক্তন আমছু নেতা আছিল।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনতো ইছলামে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰূপহীহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল কিন্তু কংগ্ৰেছ নেতৃত্বই ইছলামক টিকত দিয়াৰ পৰা বিৰত থাকে।

আনহাতে, নাগাঁওত কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ আছিল কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান  কৰা নেতাগৰাকী। কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ একমাত্ৰ ভিনিহীয়েক নজৰুল ইছলাম।

নিৰ্বাচনৰ পূৰ্বে নগাঁওত ইছলামে অগপত যোগদান কৰাটোৱে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক ৰূপহীহাট বিধান সভা সমষ্টিত ভোট বিভাজন কৰাটো নিশ্চিত হৈ পৰিছে।