কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী পুনৰ অসুস্থ! সোমবাৰে সন্ধিয়া দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি বৰ্তমান তেওঁ চেষ্ট স্পেছিয়েলিষ্টৰ (বুকুৰ বিশেষজ্ঞ) তত্বাৱধানত আছে। বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।
জানিব পৰা মতে, ছোনিয়া গান্ধীৰ শাৰীৰিক সমস্যা হঠাতে বৃদ্ধি পোৱাৰ বাবে সোমবাৰে সন্ধিয়া দিল্লীৰ চাৰ গংগাৰাম হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আনুষ্ঠানিকভাৱে সঠিক সমস্যাৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, হঠাতে বৃক্কৰ সমস্যা বৃদ্ধি পোৱাৰ বাবে ৰুটিন চেকআপৰ বাবে আহিছিল।
দিল্লীৰ প্ৰচণ্ড প্ৰদূষণৰ বাবে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। সম্প্ৰতি ছোনিয়া গান্ধীক চিকিৎসকৰ তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছে। অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, তেওঁক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। সদ্যহতে গান্ধীৰ শাৰীৰিক অৱস্থা সুস্থিৰ।
বেছ কিছুদিন ধৰি অসুস্থ হৈ আছে ৭৮ বছৰীয়া ছোনিয়া গান্ধী। বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াৰ পূৰ্বেও দুবাৰকৈ কোভিড আক্ৰান্ত হৈছে। কোভিডৰ পৰা সুস্থ হৈ উঠাৰ পাছতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিভিন্ন শাৰীৰিক জটিলতাত ভুগি আছে।
যোৱা বছৰ শিমলা ভ্ৰমণৰ সময়ত হঠাৎ অসুস্থ হৈ পৰিছিল প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকী। ততাতৈয়াকৈ শিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।
উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত ছোনিয়া গান্ধীয়ে ৭৯ বছৰত ভৰি দিছিল। যোৱা তিনি বছৰ ধৰি মাজে মাজে ছোনিয়া গান্ধীৰ অসুস্থতাৰ খবৰ পোৱা গৈছে। বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে। কিন্তু অসুস্থতাৰ মাজতো সংসদীয় ৰাজনীতিত তেওঁক সক্ৰিয় হৈ থকা দেখা গৈছে। অৱশ্যে দলৰ সাংগঠনিক বিষয়কলৈ এতিয়া তেওঁ তেনেদৰে ব্যস্ত নহয়।





