• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি দলে কংগ্ৰেছ দলৰ নেতা ধাৰ কৰি অসমত শাসন চলাইছে; কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 27, 2020 7:40 am

2 min read

20201226_183235
196
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ আৱৰ্ত ভৱনত  নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা চত্তিশগড় বিধান সভাৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক আৰু সংসদীয় সচিব বিকাশ উপাধ্যায়ে এখন  সংবাদ মেল সম্বোধন কৰে।

আগন্তুক ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ দলে চাৰি গৰাকী সম্পাদকক নিৰ্বাচন পৰ্যৱেক্ষণ তথা তৃণমূল পৰ্যায়ত সমষ্টি সমূহৰ বুজ লোৱাৰ দায়িত্ব দিছে।

এই সন্দৰ্ভত উপাধ্যায়ক উজনি অসমৰ দায়িত্ব প্ৰদান কৰিছে। সেই সূত্ৰে উজনি অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হৈ সমষ্টি সমূহৰ বুজ লয় নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে।

আজিৰ সংবাদ মেলত তেওঁ উজনি অসমৰ তৃণমূল পৰ্যায়ৰ ক‌ংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যৱেক্ষণ কৰা বুলি জানিব দিয়ে।

নিৰ্বাচনৰ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয়,  কংগ্ৰেছ দলৰ পৰা নেতা ধাৰ কৰি অসমত বিজেপি দলৰ শাসন চলাইছে ।

আনহাতে গোলঘাটৰ বিধায়িকা জেষ্ঠ কংগ্ৰেছ দলৰ নেত্ৰী অজন্তা নেওঁগৰ প্ৰসংগ টানি তেওঁ কয়  বিভিন্ন হেঁচা আৰু প্ৰলোভন প্ৰদান কৰি বিজেপি দলে কংগ্ৰেছৰ নেত্ৰী গৰাকীক বিজেপিকৰণ কৰিলে।

তেওঁৰ নিজৰ অপাৰগতা আৰু উচ্চাকাঙ্খাৰ বাবে বিজেপি দলত যোগ দিব লৈছে। কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। এনে নেতাক লৈ বিজেপিয়ে শাসনৰ গাদী দখলৰ চেষ্টা কৰিছে যদিও সফল নহব।

তেওঁ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে বহুমত লাভ কৰি চৰকাৰ দখল কৰিব বুলি দাবী উত্থাপন কৰাৰ উপৰিও বিজেপি দলক নিকৃষ্ট ৰাজনীতিৰে হিংসা বিয়পোৱা দল বুলি অভিহিত কৰে।

এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজৰ মাজত থকা যোগ্য শিক্ষিত প্ৰাৰ্থীক টিকত প্ৰদান কৰিব বুলি স্পষ্ট কৰি কয় যে প্ৰাৰ্থীৰ অযোগ্যতাৰ বাবে নিৰ্বাচন হৰাৰ বদনাম এইবাৰ কংগ্ৰেছ দলে বহন নকৰে।

পশ্চিম বংগত হিংসা বিয়পোৱা, বিহাৰত নিকৃষ্ট ৰাজনীতি কৰি শাসনৰ গাদী দখল কৰা এই দলটোৱে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।

যাৰ বাবে এইবাৰ নিৰ্বাচনৰ ইস্তাহাৰ কংগ্ৰেছ দলে বন্ধ কোঠাত বহি নিৰ্দ্ধাৰণ নকৰে।বৰঞ্চ ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সমস্যা অনুধাৱন কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিব।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd