• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাৰ পৰা নিলম্বন কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 5:53 pm
congress legislator Ali

নিলম্বিত শ্বেৰমান আলী

2.1k
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ পৰা সোমবাৰে কংগ্ৰছৰ বিধায়ক শ্বেৰমান আলীক অধ্যক্ষৰ নিৰ্দেশত এদিনৰ বাবে নিলম্বন কৰা হয়।

অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ বাবেই মাৰ্শ্বালে বিধানসভাৰ পৰা আলীক উলিয়াই দিয়ে।

বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে বিধানসভাৰ প্ৰশ্নকালত এন আৰ চিৰ সমন্বয়ক হিচাপে হিতেশ দেৱ শৰ্মাক নিযুক্তি দিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল।

এন আৰ চিৰ সমন্বয়ক হিচাপে শৰ্মাই জনসাধাৰণ বিশ্বাস হেৰুৱাইছে সেয়ে তেওঁ উক্ত পদৰ বাবে যোগ্য নহয় বুলি আলীয়ে বিধানসভাত অভিযোগ উত্থাপন কৰিছিল।

যেতিয়া বিধানসভাৰ প্ৰশ্নকালত আলীয়ে বিষয়টো বাৰম্বাৰ উত্থাপন কৰি আছিল তেতিয়া বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে উক্ত বিষয়বস্তু সন্দৰ্ভত কোনো দীঘলীয়া আলোচনা কৰাৰ অনুমতি দিয়া নহ’ব বুলি কয়।

অধ্যক্ষ গোস্বামীয়ে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক গৰাকীক শান্ত হ’বলৈ কৈ নিজৰ আসন গ্ৰহণ কৰাৰ বাবে বহুবাৰ অনুৰোধ কৰাৰ পাছতো আলীয়ে নিজে উত্থাপিত অভিযোগেৰে বিধানসভা উত্তাল কৰি আছিল।

অধ্যক্ষৰ অনুৰোধ পালন নকৰাৰ বাবে অৱশেষত গোস্বামীয়ে কংগ্ৰেছ বিধায়ক আলীক নিলম্বন কৰে আৰু বিধানসভা এৰি যোৱাৰ নিৰ্দেশ দিয়ে।

অধ্যক্ষই আলীক বিধানসভাৰ পৰা ওলাই যাবলৈ কোৱাৰ পাছতো বিধায়কগৰাকীয়ে বিধানসভা এৰি নোযোৱাত মাৰ্শ্বালে বলপূৰ্বকভাৱে তেওঁক বাহিৰ কৰি দিবলৈ বাধ্য হয়।

বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত শ্বেৰমান আলীয়ে তেওঁক বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া ঘটনাটো এইখন চৰকাৰৰ অগণতান্ত্ৰিক ভাৱাদৰ্শক প্ৰতিফলিত কৰে বুলি কয়।

Recent News

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

বৃক্ষ ধ্বংস আৰু স্থানান্তৰন : গুৱাহাটীত পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেৰ ৰাজহুৱা বক্তৃতা

বৃক্ষ ধ্বংস আৰু স্থানান্তৰন : গুৱাহাটীত পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেৰ ৰাজহুৱা বক্তৃতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd