ন সাজেৰে ন উদ্যমেৰে সুস্থ চিন্তাৰে, প্ৰগতিশীল জাতীয়তাবাদেৰে বৃহত্তৰ অসমীয়া জাতি গঠন লক্ষ্যেৰে আজি যোৰহাটৰ জিলাৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জগদুৱাৰ লক্ষ্মীপূজাৰ খেলপথাৰত টীয়ক অগপ বিধান পৰিষদৰ উদ্যোগত এখনি জাতীয় ঐক্য সন্মিলন দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো দলীয় জেষ্ঠ নেতা উপস্থিতিত অনুস্থিত হয়।
টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগচি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই সভাৰ আৰম্ভণিতেই টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াই উপস্থিত সকলোকে আদৰণি জনাই আদৰণি ভাষণ আগবঢ়ায়।
উল্লেখ্য যে আজিৰ এই সন্মিলনস্থলীতে অগপ দলত ‘সদস্য ভৰ্তি অভিযান’ শীৰ্ষক এক প্ৰযুক্তিৰ অগপৰ তথ্য প্ৰযুক্তিৰ সম্পাদক মণি মাধৱ মহন্তৰ উপস্থিতত উদ্বোধন কৰা হয়।
এই নৱ প্ৰযুক্তিৰ জড়িয়তে নিৰ্ধাৰিত মোবাইল নম্বৰত ( ৭০৯৯১১২২৩৩ )যিকোনো মোবাইল নম্বৰৰ পৰা মিচ কল দি সদস্য হ’ব পাৰিব বুলি জানিবলৈ দিছে সভিপতিগৰাকীয়ে। লগতে এই অভিযানে অনাগত দিনত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে।
আঞ্চলিকতাবাদৰ দূৰ্গ তথা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ গৃহ সমষ্টিত উপস্থিত হৈ তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰি দলৰ সভাপতি গৰাকীয়ে পূৰ্বৰ আঞ্চলিকতাবাদৰ ভেটি অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায়।
অৱশ্যে বিগত দিনসমূহত চৰকাৰ গঠন কৰাৰ পাছত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাত দোষ স্বীকাৰ কৰে। সেয়ে ন সাজেৰে ন চিন্তাৰে পূৰ্বৰ ভুল শুধৰণি তথা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে গঠিত অসমৰ একমাত্ৰ বৃহত্তম আঞ্চলিক ৰাজনৈতিক দলটোক সকলোকে সঁহাৰি জনাবলৈ আহ্বান জনায়।
ইফালে কংগ্ৰেছ আৰু এআইইউডিএফকৰ মিত্ৰতা আৰু নৱ গঠিত আঞ্চলিক দলসমূহৰো কাৰ্যকলাপক খুৰধাৰে সমালোচনা কৰি ৰাজ্যৰ সম বিকাশ সম উন্নয়নৰ বাবে অগপই একমাত্ৰ বিশ্বাসৰস্থল বুলি অভিহিত কৰে সভাপতিগৰাকীয়ে।
অহা ২১ ৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা অটুত ৰাখি পুনৰ চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে সভাপতি অতুল বৰাই।