ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীক সাংসদ পদ বাতিল বিৰুদ্ধে কৰা এক বৃহৎ প্ৰতিবাদৰ পিছত শনিবাৰে গুৱাহাটীত অসম কংগ্ৰেছৰ বহু বিধায়ক আৰু নেতাক আটক কৰা হৈছে।

শনিবাৰে ৰাতিপুৱা কংগ্ৰেছ নেতাসকলে কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সৈতে ৰাহুলৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে ক’লা কাপোৰ পিন্ধি এক সমদল উলিয়াইছিল।

প্ৰতিবাদকাৰীসকলে কয় যে বিজেপিয়ে গণতন্ত্ৰক “পৰিকল্পিতভাৱে” হত্যা কৰিছে।

প্ৰতিবাদকাৰীসকলক কংগ্ৰেছৰ পতাকা উৰুৱাই আৰু ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ পতাকাৰ পোষ্টাৰ তুলি ধৰি মোডী চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা গৈছিল।

লগতে পঢ়ক: ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

তেওঁলোকে বিধায়ক হোষ্টেল চৌহদৰ পৰা অসম সচিবালয়ৰ (জনতা ভৱন) ফালে প্ৰতিবাদ কৰি আগবাঢ়িছিল কিন্তু দিছপুৰ ছুপাৰমাৰ্কেট অঞ্চলৰ মন্ত্ৰী ক’লনিৰ ওচৰত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।

কিছুমান বিধায়ক আৰু সমৰ্থকক আৰক্ষীয়ে সচিবালয় অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত আটক কৰে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শুকুৰবাৰে লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল।

ৱায়ানাডৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত অযোগ্য ঘোষণা কৰা হৈছিল।

লোকসভা সচিবালয়ে শুকুৰবাৰে (২৪ মাৰ্চ) জাৰি কৰা জাননীত কয়, “কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য ৰাহুল গান্ধীয়ে তেওঁৰ দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা অৰ্থাৎ ২৩ মাৰ্চ, ২০২৩ তাৰিখৰ পৰা ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১০২(১)(ই)ৰ ধাৰা আৰু ১৯৫১ চনৰ জন প্ৰতিনিধিত্ব আইনৰ ধাৰা ৮ ৰ অধীনত লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে।‘’   

লগতে পঢ়ক: বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ সাংসদ শশী থাৰুৰে কয় যে ই গণতন্ত্ৰৰ বাবে অশুভ।

তেওঁ টুইট কৰি কয়, “আদালতৰ ৰায়দানৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰু আৱেদন প্ৰক্ৰিয়া চলি থকা বুলি জনাৰ পিছতো দ্ৰুততাৰে লোৱা এই সিদ্ধান্তত মই স্তম্ভিত হৈছোঁ। এয়া হৈছে গ্ল’ভছ খুলি কৰা ৰাজনীতি আৰু ই আমাৰ গণতন্ত্ৰৰ বাবে অশুভ  লক্ষণ।‘’