• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত বাংলাদেশীক নিযুক্তি; গৰজি উঠিল কংগ্ৰেছ, জাতীয় দল-সংগঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 12, 2020 12:29 pm
Bangladeshi MOhila
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত চাকৰি কৰি আছে বাংলাদেশী মহিলাই।গুৱাহাটীতেই আকৰ্ষণীয় পদত চাকৰি পাইছে বাংলাদেশী মহিলাই।

অসমৰ নিবনুৱাৰ পেটত গোৰ মাৰি বাংলাদেশী মহিলাক চাকৰি দিছে টপচেম চিমেন্টে।

Apply Now

মেগা প্লাজাত থকা টপচেম চিমেন্টৰ কৰ্পোৰেট কাৰ্যালয়ত ছিনিয়ৰ মেনেজাৰ হিচাপে নিযুক্ত হৈ আছে মুনেৰা আজম নামৰ মহিলাগৰাকী।

গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰৰ পত্নী মুনেৰা।

এটা সূত্ৰৰ পৰা জানিব পৰা মতে বাংলাদেশী কূটনীতিকগৰাকীৰ পত্নীয়ে যোৱা মাৰ্চ মাহৰ পৰা গুৱাহাটীত চাকৰি কৰি আছে আছে।

যি সময়ত ক’ৰ’না অতিমাৰী আৰু লকডাউনৰ বাবে ভাৰতত সকলো খণ্ডৰ মাৰ্কেটিং আৰু ছেলছৰ কাৰ্যবাহীসকলে চাকৰি হেৰুৱাইছে বা দৰমহা কৰ্তন হৈছে, তেনে সময়তে বাংলাদেশী কূটনীতিকৰ পত্নীক চাকৰিৰ ‘স্পেচিয়েল অফাৰ’ দিছে টপমেপ চিমেন্টে। যি কথাই সকলোৰে চকু কপালত তুলিছে।

নৰ্থইষ্ট নাওক এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

থলুৱা উচ্চ শিক্ষিত যুৱক-যুৱতীক বঞ্চনা কৰা টপচেম চিমেন্টেৰ এই কাৰ্যক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনে।

মুনেৰা আজমৰ এই নিযুক্তি সন্দৰ্ভত ফোনযোগে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই।

তেওঁ কয় ‘টপচেম চিমেন্টৰ ইমান ডাঙৰ পদত মহিলাগৰাকীয়ে কেনেকৈ চাকৰি পাব পাৰে? তেওঁ বিদেশৰ পৰা অহা এগৰাকী মহিলা। তেওঁক ৱৰ্ক পাৰ্মিট লাগিব। হঠাৎ আহি তেওঁ কাম কৰিব নোৱাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এই কথা নিৰীক্ষণ কৰিব লাগে যে তেওঁক কাম কৰিবলৈ ভিছা দিছে নেকি?

ইপিনে, থলুৱা নিবনুৱা উচ্চ শিক্ষিত যুৱক-যুৱতীক ইয়াত নিযুক্তি দিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কি ভিত্তিত এগৰাকী বিদেশীক এই পদত নিযুক্তি দিলে? আমাৰ ইয়াত তেনেকুৱা কোৱালিফাইড লোক নাই নেকি? এগৰাকী উচ্চ পদত থকা ব্যক্তিৰ পত্নী হিচাপে তেওঁ ভাৰতত চাকৰি কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে। তেওঁ যদি কামটো কৰিব বিচাৰিছে তেন্তে বাংলাদেশত কৰিব লাগে।‘

আনহাতে, আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰেও থলুৱাক বঞ্চনা কৰা টপচেম চিমেন্টৰ এই কাৰ্যক ধিক্কাৰ দিছে।

তেওঁ কয়, ‘বিজেপি চৰকাৰে থলুৱা যুৱক-যুৱতীৰ ওপৰত পূৰ্বৰে পৰা মাধমাৰ শোধাই আহিছে। তাৰোপৰি ব্যক্তিগত কোম্পানীসমূহে থলুৱা লোকক বৃদ্ধাংগুষ্ঠ দেখুৱাই তেওঁলোকৰ কাম-কাজ কৰা আৰম্ভ কৰিছে।‘

‘এই চৰকাৰ যদি আৰু শাসনত থাকে তেন্তে দুদিনমানৰ পাছত খিলঞ্জীয়াৰ অস্তিত্ব নাথাকিব। বাংলাদেশীমূলৰ লোকসকল অসমত আহি তেওঁলোকে আমাক দাস হিচাপে কাম-কাজ কৰাব। ৱৰ্ক পাৰ্মিট বা চৰকাৰী নীতি-নিৰ্দেশনা থাকিলে বেলেগ কথা। কিন্তু যিহেতু টপচেম চিমেন্টে কৰিছে গতিকে তাত চৰকাৰী নীতি-নিৰ্দেশনাৰ কথা নাই তেওঁলোকে মই-মতালিৰে কৰিছে।‘ বৰঠাকুৰে লগতে কয়।

ইপিনে, টপচেম চিমেন্টৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ৰুবুল দাসেও।

‘এইখন চৰকাৰৰ বাংলাদেশী প্ৰীতি আছে সেই কথা স্পষ্ট। সেয়েহে বাংলাদেশৰ কুটনীতিকৰ পত্নীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ পাছতো তেওঁলোকে বাধা আৰোপ কৰিব পৰা নাই বা সেইগৰাকী মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।‘ দাসে আমাৰ সাংবাদিকৰ আগত কয়।

তেওঁ লগতে কয়, ‘অসমৰ নিৱনুৱাসকলৰ জীৱনক লৈ এইখন চৰকাৰে হেতালি খেলিছে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় আৰু ৰাজ্যৰ গৃহ বিভাগৰ অধীনৰ চোৰাংচোৱা সংস্থাসমূহ ব্যৰ্থ হৈছে কিয়নো তেওঁলোকৰ চকুত ধুলি দি ব্যক্তিগত প্ৰতিষ্ঠানে বাংলাদেশী মহিলাক নিযুক্তি দিছে। কিয়নো ৱৰ্ক পাৰ্মিট অবিহনে কোনেও এনেদৰে বহিঃৰাষ্ট্ৰত চাকৰি কৰিব নোৱাৰে।‘

চৰকাৰক দাবী জনাই দাসে কয় যে এইগৰাকী মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।

ইপিনে, টপচেম চিমেন্টৰ কাৰ্যৰ বিৰুদ্ধে সৰৱ হ’ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াও।

তেওঁ কয়, ‘টপচেম চিমেন্টে অসমৰ পৰাই ৰাজ সাহায্য লৈ অতি কম কৰৰ বিনিময়ত ব্যৱসায় চলাই আছে। তেওঁলোকে উচ্চ হাৰত চিমেন্ট অসমতে বিক্ৰী কৰি অসমৰ ৰাইজক ঠগি আছে। বাংলাদেশৰ কুটনীতিকৰ পত্নীয়ে অসমত চাকৰি কৰি আছে ইয়াতকৈ লাজৰ কথা একোৱেই থাকিব নোৱাৰে।‘

‘বাংলাদেশৰ শীৰ্ষ ৰাজনৈতিক বিষয়াক তেল মাৰিবলৈ বা তেওঁলোকৰ ব্যৱসায় বাংলাদেশত চলাই নিবলৈ তেওঁলোকে এনেদৰে নিযুক্তি দিছে। ই অসমক ঠগি লুটি-পুতি খোৱা কাৰবাৰটোৱেই বুজাইছে। বিজেপি চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰে কিয়নো টপচেম চিমেন্টে বিজেপিক কোটি কোটি টকাৰ ঘৰত চান্দা দিয়ে। গতিকে তেওঁলোকে চকু মুদা কুলিৰ ভাও ধৰিছে।‘ শইকীয়াই লগতে ক্ষোভ প্ৰকাশ কৰি কয়।

ইপিনে, আন এটা উল্লেখনীয় বিষয় যে এগৰাকী কূটনীতিকৰ পত্নী হোৱা হেতুকে মুনেৰা আজমক ভাৰতলৈ আহিবলৈ ‘ডিপ্লমেট ভিছা’ৰ দৰকাৰ হৈছে। আনহাতে এজন বিদেশীয়ে ভাৰতত চাকৰি কৰিবলৈ ‘এমপ্লইমেন্ট ভিছা’ৰ প্ৰয়োজন। প্ৰশ্ন হয়,  অসমত চাকৰি কৰিবলৈ মুনেৰা আজমে ভিছা সলনি কৰি লৈছে নেকি?

টপচেম চিমেন্টে ভিছা সলনি কৰি হ’লেও মুনেৰা আজমে চাকৰি কৰাত গুৰুত্ব দিলে কিয়?

প্রাথমিক অনুসন্ধানত পোবা তথ্য মতে মুনেৰা আজমৰ মাৰ্কেটিং এণ্ড ছেলছৰ ছিনিয়ৰ মেনেজাৰ পদৰ বাবে কোনো ‘বিশেষ দক্ষতা নাই’।

তাৰ পাছতো গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ পৰা  ‘কিছু সুবিধা’ পোৱাৰ বাবেই ‘কৃতজ্ঞতাৰ চিন’ স্বৰূপে তেওঁৰ পত্নীক চাকৰি দিলে নেকি টপচেম চিমেন্টে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd