• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত অন্তঃকন্দল; দলীয় অনুশাসনহীনতাৰ কথা অকপটে স্বীকাৰ দেবব্ৰত শইকীয়াৰ

নিজৰ ভুলৰ পৰা নিশিকিলে আমাৰ বিপদ হ’ব : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2019 7:22 am
Congress rule less in Assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ হাজো সমষ্টিত কংগ্ৰেছৰ গুৰি ধৰোতা দুলু আহমেদ নিলম্বিত হোৱাৰ পাছত তথা ৰাজ্যসভাৰ অসমৰ সাংসদ সঞ্জয় সিঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে শুকুৰবাৰে দলৰ সামগ্ৰীক পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই কংগ্ৰেছৰ ভিতৰচ’ৰা অনুশাসনহীনতাত ভুগিছে বুলি অকপটে স্বীকাৰ কৰিবলৈ বাধ্য হয়।

Apply Now

‘আমাৰ দলত দলীয় অনুশাসনৰ অভাৱ হৈছে। অনুশাসনহীনতাত দলটো জৰ্জৰিত হৈ আছে। এই কথা বহুবাৰ কৈ অহা হৈছে যে দলীয় অনুশাসন বৃদ্ধি কৰিব লাগিব’। শুকুৰবাৰে নতুন বিধায়ক আৱাসত সম্বোধন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ হিচাপে এনেদৰে অকপট স্বীকাৰোক্তি কাঢ়ে বিৰোধী দলপতিগৰাকীয়ে।

উক্ত সংবাদমেলৰ জৰিয়তে দলৰ হাইকামাণ্ডলৈ আহ্বান জনাই শইকীয়াই কয় ‘কংগ্ৰেছত যি অনুশাসনহীনতা হৈছে, ইয়াক কি উপায়েৰে নাইকিয়া কৰিব পৰা যায়, তাৰ বাবে দলীয় হাইকামাণ্ডে চেষ্টা কৰিব লাগে।‘

ইপিনে, নিলম্বিত হাজোৰ নেতা দুলু আহমেদক নিলম্বনৰ সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে ল’ব নোৱাৰে বুলিও মন্তব্য কৰে শইকীয়াই।

শইকীয়াই কয় ‘দুলু আহমেদক নিলম্বনত কিছু ভুল হৈছে বুলি ভাবিছো। তেওঁ যিহেতু এ আই চি চিৰ মেম্বাৰ গতিকে নিলম্বন কৰাৰ আগতে হাই কামাণ্ডক কথাটো জনাব লাগিছিল। এ আই চি চিৰ সদস্যৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে অনুশাসনমূলক সিদ্ধান্ত ল’ব নোৱাৰে বুলি সংবিধানত উল্লেখ আছে’।

আনহাতে  নিজৰ পূৰ্বৰ ভুলৰ পৰা নিশিকিলে কংগ্ৰেছৰ সকলোৰে বিপদ হ’ব বুলিও শইকীয়াই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, বুধবাৰে ৰাজ্য সভাৰ সাংসদ সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভালৈ প্ৰক্ষেপ কৰাটোৱেই ভুল আছিল বুলি আওপকীয়াকৈ স্বীকাৰ কৰে শইকীয়াই।

‘মনমোহন সিং বাহিৰৰ মানুহ হ’লেও অসমৰ মানুহৰ বহুতো সেৱা কৰিছিল। মোৰ দেউতাৰ দিনতে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। অসমলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰো।

সঞ্জয় সিঙক প্ৰাৰ্থীত্ব দিয়াৰ সময়ত যথেষ্ট বিতৰ্ক হৈছিল। কাগজে পত্ৰই কংগ্ৰেছক বহু সমালোচনা কৰা হৈছিল যদিও দলৰ নিয়ম মনা সৈনিক হিচাপে হাইকামাণ্ডৰ যিকোনো কথা মানি গৈছিলো বুলি শইকীয়াই কয়।

পদত্যাগী সিঙক উদ্দেশ্য কৰি শইকীয়াই কয় ‘ৰত্নাকৰো বাল্মিকী হৈছিল। আমিও ভাবিছিলো তেওঁৰ বেয়া গুণখিনি ভাল হ’ব। তেওঁৰ স্বভাৱৰ কোনো পৰিৱৰ্তন নহ’ল, তেওঁক আমি শুদ্ধ কৰিব নোৱাৰাটোৱেই আমাৰ ভুল।‘

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd