• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্রেছ দলে প্ৰতিশ্ৰুতি অনুসৰি পাঁচটা গেৰাণ্টিৰ সফল ৰূপায়ণ কৰিবই : ৰাহুল গান্ধী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2021 7:54 pm
Himanta Biswa Sarma slams Rahul Gandhi for making spelling error while criticizing PM Modi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত নিজৰ প্ৰত্যয় প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মংগলবাৰে এই কথা দৃঢ়তাৰে কয় যে অহা ২ মে’ত চৰকাৰ গঠন কৰাৰ পাছত দলে ইয়াৰ পাঁচটা গেৰাণ্টিৰ আটাইকেইটা বাস্তৱত ৰুপায়ণ কৰিব।

তেখেতে এক ভিডিঅ বাৰ্তা যোগে অসমবাসীলৈ আহ্বান জনাই কয় যে, “কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ। কাৰণ চৰকাৰ গঠনৰ কেইঘণ্টামানৰ ভিতৰতে আমি কংগ্ৰেছ দলে দিয়া পাঁচটা গেৰাণ্টিৰ আটাইকেইটাই ৰুপায়ণ কৰিম।”

Apply Now

আজি গান্ধীয়ে শিলচৰ, হাফলং আৰু বোকাজানত বিশাল জনসভাত ভাষণ দিয়াৰ কথা আছিল যদিও মূষলধাৰে হোৱা বৃষ্টিপাত আৰু বেয়া বতৰৰ বাবে এই কেউখন জনসভাই বাতিল কৰিবলগীয়া হয়।

বাৰ্তাটোত তেখেতে দৃঢ়তাৰে কয় যে,  চৰকাৰ গঠনৰ পাছত চৰকাৰে অসম বিধানসভাৰ জৰিয়তে আইনী ব্যৱস্থা গ্রহণ কৰিব যাতে অসমত কা-আইন বলবৎ হ’ব নোৱাৰে। ইয়াৰোপৰি “কংগ্ৰেছ দলে অসমৰ যুৱক-যুৱতীসকলক ৫ লাখ চৰকাৰী চাকৰি প্ৰদান কৰা আৰু চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টি দিছে। কংগ্ৰেছে প্ৰতিগৰাকী গৃহিণীক মাহিলি ২০০০ টকাকৈ সন্মান অনুদান আৰু প্ৰতিখন ঘৰলৈ মাহিলি ২০০ ইউনিটকৈ বিনামূলীয়া বিজুলী যোগানৰো গেৰাণ্টি দিছে। এইসকলো গেৰাণ্টিৰ ৰুপায়ণ কৰা হ’বই।”

পাহাৰীয়া জিলাৰ জনজাতিসকলৰ উদ্বেগসমূহৰ সন্দৰ্ভত, ৰাহুল গান্ধীয়ে কয় যে এইসকল জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দলে সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অতি আন্তৰিকতাৰে ইয়াৰ ভাবাৰ্থ অনুসাৰে কাৰ্যকৰী কৰিব।

“সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰি বিজেপিয়ে পাহাৰীয়া জনজাতিসমূহৰ সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত আক্ৰমণ সানিছে। সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ যাতে লঘু কৰা নহয় সেইটো আসন্ন কংগ্ৰেছ চৰকাৰে সুনিশ্চিত কৰিব আৰু থলুৱা লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই অনুচ্ছেদৰ আটাইবোৰ দফা কাৰ্যৰূপায়িত কৰা হ’ব।” কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

অসম ৰাজ্যৰ ভিতৰতে এখন স্বায়ত্বশাসিত ৰাজ্য গঠনৰ বাবে এক আইন প্ৰণয়নৰ মানসেৰে আৰু লগতে এই স্বায়ত্বশাসিত ৰাজ্যক সেইখন আইনে সংজ্ঞাবদ্ধ কৰা ক্ষমতা আৰু অধিকাৰসহিতে এখন বিধানসভা, মন্ত্ৰীসভা বা এই দুয়োটাই প্ৰদান কৰিবলৈ তদানীন্তন কংগ্ৰেছ চৰকাৰে ১৯৬৯ চনত সংবিধানত ২৪৪(ক) অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিছিল। এই সম্পৰ্কেও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ভিডিঅ’ বাৰ্তাটোৰ জৰিয়তে।

স্মৰ্তব্য যে অনুচ্ছেদ ২৪৪(ক) ৰ অধীনত এনে স্বায়ত্বশাসিত ৰাজ্য গঠনত আৰু গঠনৰে পৰা সেই স্বায়ত্ব শাসিত ৰাজ্যক প্ৰদান কৰিবলগীয়া ধনৰাশি আৰু অনুদানৰ সন্দৰ্ভত সংবিধানৰ ২২ সংখ্যক সংশোধনীৰ দ্বাৰা অনুচ্ছেদ ২৭৫ ৰ সংশোধনী ঘটোৱা হৈছিল।

কংগ্ৰেছ দলে লগতে সংবিধানত এটা নতুন অনুচ্ছেদ ৩৭১(খ) অন্তৰ্ভুক্ত কৰিছিল য’ত সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২০ নম্বৰ স্তৱকৰ পৰিশিষ্ট হিচাপে অন্তৰ্ভুক্ত কৰা সাৰণীৰ ভাগ-ক-ত নিৰ্দ্দিষ্ট কৰি দিয়া জনজাতীয় এলেকাসমূহৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলক বা সংশ্লিষ্ট নিৰ্দেশটোত নিৰ্দ্দিষ্ট কৰি দিয়া মতে বিধানসভাৰ আন সদস্যসকলৰ মাজৰপৰা লোৱা বিধায়কক সদস্য হিচাপে লৈ অসম ৰাজ্যৰ বিধানসভাৰ এখন কমিটীৰ গঠন আৰু অধিকাৰৰ দিহা দিয়া হৈছিল।

Tags: Assam Election
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd